বিজেপিত যোগদান কৰিব পাঞ্জাৱৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙে

author-image
Asomiya Pratidin
New Update
বিজেপিত যোগদান কৰিব পাঞ্জাৱৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙে

ডিজিটেল ডেস্ক :  পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পাঞ্জাৱ লোক কংগ্ৰেছ দলৰ সভাপতি অমৰিন্দৰ সিঙে আজি যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীত। কেৱল মন্ত্ৰী গৰাকীয়েই নহয় বৰং সমগ্ৰ দলটোৱেই চামিল হ'ব আজি বিজপিৰে সৈতে। মন্ত্ৰী গৰাকীয়ে দলৰ শীৰ্ষ নেতাৰ উপস্থিতিত আজি নতুন দিল্লীত বিজেপিত যোগদান কৰিব। এই সিদ্ধান্ত ঘোষণা কৰে, পাঞ্জাৱ লোক কংগ্ৰেছৰ মুখপাত্ৰ প্ৰিতপাল সিং বালিৱালাই।

উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত নভজোৎ সিং সিদ্ধুৰ নেতৃত্ৱাধীন কংগ্ৰেছ চৰকাৰ তচনচ হোৱাৰ পাছতেই দলত্যাগ কৰি পাঞ্জাৱ  লোক কংগ্ৰেছ দল গঠন কৰিছিল অমৰিন্দৰ সিঙে। আনহাতে, বিজেপিত যোগদান কৰা সন্দৰ্ভত সিঙে ইতিমধ্যেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছিল। অৱশ্যে, অমৰিন্দৰ সিঙৰ ভাষ্য অনুসৰি নেতা গৰাকী ৰাষ্ট্ৰীয় সুৰক্ষা, পাঞ্জাৱত বৃদ্ধি পোৱা ড্ৰাগছ সম্পৰ্কীয় সন্ত্ৰাসবাদ আদি বিষয়ত হে হৈছিল এই আলোচনা। কিন্তু আজি বিজেপিত যোগদান কৰিব ওলোৱাৰ বাতৰিয়ে সকলো আলোচনাৰ অন্ত পেলাই প্ৰমাণ কৰে এই সিদ্ধান্তৰ।

bjp punjab lok congress amarinder singh