কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ..

এই বিদ্যালয় খনতে অধ্যয়ন কৰি বৰ্তমান পশ্চিম কাৰ্বি আংলং লগতে কামপুৰ অঞ্চলৰ বহু ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ।এই ঐতিহ্য মণ্ডিত বিদ্যালয়খন এৰি যোৱা প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সকলে অহা ১৪ আৰু ১৫ ডিচেম্বৰত পুনৰ বিদ্যালয় খনলৈ ঘুৰি আহিব।

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ, কামপুৰঃ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব নগাঁও জিলাৰ বৃহত্তৰ কামপুৰ অঞ্চলৰ লগতে পশ্চিম কাৰ্বি আলং জিলাৰ শিক্ষাৰ বাটকটিয়া কামপুৰৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ। শতবৰ্ষ গৰকা ১৮৯৬ চনত কামপুৰ অঞ্চলৰ বহু পুৰোধা ব্যক্তিৰ প্ৰচেষ্টাত কামপুৰৰ মাজমজিয়াত গঢ় লৈ উঠা এই ঐতিহাসিক বিদ্যালয় খনত অধ্যয়ন কৰা বহু কেইজন লোকে ৰাজ্যিক, ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।

Advertisment

এই বিদ্যালয় খনতে অধ্যয়ন কৰি বৰ্তমান পশ্চিম কাৰ্বি আংলং লগতে কামপুৰ অঞ্চলৰ বহু ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ।এই ঐতিহ্য মণ্ডিত বিদ্যালয়খন এৰি যোৱা প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সকলে অহা ১৪ আৰু ১৫ ডিচেম্বৰত পুনৰ বিদ্যালয় খনলৈ ঘুৰি আহিব। ৰোমন্থন কৰিব স্কুলীয়া জীৱনৰ অতীতবোৰ।

১৪ ডিচেম্বৰৰ পুৱাৰ ভাগৰ পৰা আৰম্ভ হব লগা কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰিব বিদ্যালয় খনৰ প্ৰাক্তন শিক্ষাৰ্থী মুহি বৰাই। ইয়াৰ পিছতে স্মৃতি তৰ্পন কৰিব প্ৰাক্তন শিক্ষাৰ্থী ৰঞ্জিত মালাকাৰে। এই কাৰ্যসূচীৰ পিছতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব বিদ্যালয় খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক তথা প্ৰাক্তন শিক্ষাৰ্থী ডিম্বেশ্বৰ বৰাই ।লগতে সমাৰোহৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত শিক্ষক সুধাময় দাসে। দিনৰ দহ বজাত বিদ্যালয় আৰম্ভ হোৱা সংকেত ধ্বনি বজাৰ লগে লগে প্ৰাক্তন শিক্ষাৰ্থী সকলে পূৰ্বে গোৱা প্ৰাৰ্থনা গোৱাৰ পিছতে ১০ বাজি দহ মিনিটত অনুষ্ঠিত হ প্ৰাক্তন শিক্ষাগুৰু সকলক সম্বৰ্ধনা অনুষ্ঠান । দিনৰ এঘাৰ বজাৰ পৰা প্ৰাক্তন শিক্ষাৰ্থী সকলৰ অন্তৰংগ আলাপ অনুষ্ঠিত হব।এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব কৰিব বিদ্যালয় খনৰ প্ৰাক্তন শিক্ষাৰ্থী তথা প্ৰাক্তন সাংসদ জয়ন্ত ৰংপীয়ে।

বিয়লি দুই বজাৰ পৰা উদযাপন সমিতিৰ সভাপতি সুধাময় দাসৰ সভাপতিত্বত অনুষ্ঠিত হ স্মৃতি গ্ৰন্থ উন্মোচনী অনুষ্ঠান ।ম্মৃতি গ্ৰন্থ উন্মোচন কৰিব জ্যেষ্ঠ সাংবাদিক তথা বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ প্ৰকাশ মহন্তই।

সন্ধ্যা পাচ বজাত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ উদ্বোধন কৰিব প্ৰাক্তন শিক্ষাৰ্থী অধুনমা বৰাই। সন্ধ্যা ৬ বজাৰ গুৰু সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা সমাজকৰ্মী নিৰঞ্জন বৰাই। ১৫ ডিচেম্বৰৰ পুৱা ৯-৩০ মিনিটত বৰ্ণাঢ্য সাংস্কৃতিক শুভাযাত্ৰাৰ উদ্বোধন কৰিব প্ৰাক্তন শিক্ষাৰ্থী তথা প্ৰাক্তন অভিযন্তা তপন কলিতাই।

ইয়াৰ পিছতে দ্বিতীয় দিনৰ অন্তুৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হব। আলাপ অনুষ্ঠানটোৰ শুভ উদ্বোধন"কৰিব প্ৰাক্তন শিক্ষাৰ্থী তথা ভাৰতীয় তেল নিগমৰ জেনেৰেল মেনেজাৰ মাধ্যুৰ্য প্ৰসাদ চলিহাই।দিনৰ ডেৰ বজাৰ পৰা হ'ব লগা মুকলি সভাৰ সভাপতিত্ব কৰিব উদযাপন সমিতিৰ সভাপতি সুধাময় দাসে ।মুকলি সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, কঠীয়াতলী শিক্ষাখণ্ডৰ বিষয়া শংকৰ চেত্ৰী।

মুকলি সভাত প্ৰাক্তন শিক্ষাৰ্থী ক্ৰমে জয়ন্তু ৰংপী, মাধ্যুৰ্য প্ৰসাদ চলিহা, ড০ পুলিন বৰা, নমিতা বৰঠাকুৰ,ড০ জোনালী বৰুৱা আদিয়ে ভাষন ৰাখিব। সন্ধ্যা পাঁচ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ উদ্বোধন কৰিব প্ৰাক্তন শিক্ষাৰ্থী প্ৰৱিত্ৰ ভড়ালীয়ে। সন্ধ্যা ছয় বজাত প্ৰাক্তন শিক্ষাৰ্থী সোঁৱৰণী সাংস্কৃতিক সন্ধ্যাৰ উদ্বোধন কৰিব প্ৰাক্তন শিক্ষাৰ্থী বিলি বৰঠাকুৰে। দুয়োদিনৰ কাৰ্যসূচীত সকলোৰে সহায়-সহযোগীতাৰ লগতে উপস্থিতি কামনা কৰিছে সমাৰোহ উদযাপন সমিতি তথা বিদ্যালয় কৰ্তৃপক্ষই।

 

 

কামপুৰ