/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/zubair.jpg)
ডিজিটেল ডেস্ক: ফেক্ট চেকিং ৱেবচাইট ALTnews ৰ সহ-সংস্থাপক তথা সাংবাদিত মহম্মদক জুবেৰক দিল্লী আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে। ধৰ্মীয় ভাৱনাত আঘাত হনা আৰু শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় জুবেৰক।
জুবেৰক ইতিমধ্যে আৰক্ষীয়ে এদিনৰ জিম্মাত লৈছে। আজি মঙলবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব। সংবাদ প্ৰতিষ্ঠানটোৰ আন এজন কৰ্মকৰ্তা প্ৰতীক সিহ্নাই কয় যে তেওঁক আৰক্ষীয়ে সোধ পোচৰ বাবে মাতিছিল।সিহ্নাই অভিযোগ উত্থাপন কৰি কয় যে গ্ৰেপ্তাৰ কৰাৰ আগত তেওঁলোকক কোনো ধৰণৰ নোটিচ দিয়া হোৱা নাছিল।
অন্যহাতে আৰক্ষীয়ে জানিবলৈ দিয়ে যে ২০ জুনত গোচৰ ৰুজু হৈছিল। দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ আই এফ এচ অ ইউনিটৰ ডিপুট্যি অফিচাৰে এই গোচৰ ৰুজু কৰে। তেওঁ কয় যে জুবেৰে আপত্তিজনক টুইট কৰিছিল। উল্লেখ্য যে, এই টুইটটো তেওঁ ২০১৮ চনত কৰিছিল। য'ত হনুমানক বিকৃত ৰূপত স্থাপন কৰা হৈছিল।
টুইটটোত কোৱা হৈছিল যে ২০১৪ চনৰ পূৰ্বে আছিল হনীমুন হোটেল ২০১৪ চনৰ পাছত হনুমান হোটেল।লগতে তেওঁ হোটেল আৰু হনুমানৰ ফটো এটিও সংযোগ কৰি দিছিল। এই টুইটোৰ দ্বাৰা হিন্দুক অপমান কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।
আৰু পঢ়ক: ড্ৰাগছ সহ গ্ৰেপ্তাৰ মহিলা…