/asomiyapratidin/media/media_files/2024/12/13/DlEolo2XyhTsyYhwsjmW.jpg)
ডিজিটেল ডেস্কঃ আল্লু অৰ্জুনক শুকুৰবাৰে পুৱাৰ ভাগতে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিনেতাগৰাকীক ঘৰত উপস্থিত হৈ হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাগৰাকীক। অৱশ্যে অভিনেতাগৰাকীয়ে ইতিমধ্যে জামিন লাভ কৰাৰোআ খবৰ আহিছে।
উল্লেখ কৰা প্ৰয়োজন যে, পুষ্পা-২ৰ প্ৰিমিয়াৰৰ সময়ত পদপিষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাক লৈ আল্লু অৰ্জুনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। সেই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে অভিনেতাগৰাকীক। অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰি চিকডপল্লী পুলিচ ষ্টেচনলৈ লৈ গৈছে আৰক্ষীয়ে।
ইফালে অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে অনুৰাগীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকাত ৰাজ্যখনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us