গ্ৰেপ্তাৰৰ দিনাই জামিন লাভ অভিনেতা আল্লু অৰ্জুনৰ...

শুক্ৰবাৰৰ দিনটোৰ আটাইতকৈ চৰ্চিত খবৰটো আছিল দক্ষিণৰ জনপ্ৰিয় অভিনতা আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰ। পুস্পা-২ ৰ সাফল্য অব্যাহত থকাৰ সময়তে আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰৰ খবৰে পুনৰ সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল ।

author-image
Asomiya Pratidin
New Update
11

ডিজিটেল ডেস্কঃ শুক্ৰবাৰৰ দিনটোৰ আটাইতকৈ চৰ্চিত খবৰটো আছিল দক্ষিণৰ জনপ্ৰিয় অভিনতা আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰ। পুস্পা-২ ৰ সাফল্য অব্যাহত থকাৰ সময়তে আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰৰ খবৰে পুনৰ সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল ।

Advertisment

উল্লেখযোগ্য যে পুস্পা-২ৰ প্ৰিমিয়াৰ শ্ব উপভোগ কৰিবলৈ গৈ পদপিষ্ট হৈ মৃত্যুবৰণ কৰিছিল এগৰাকী মহিলা । ইতিপূৰ্বে অভিনেতা আল্লু অৰ্জুনে মহিলাগৰাকীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ ঘোষাণা কৰিছিল ।

যোৱা ৪ ডিচেম্বৰৰ নিশা হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত তেওঁৰ শেহতীয়া ছবি পুষ্পা ২: দ্য ৰুলৰ প্ৰিমিয়াৰত অভিনেতাগৰাকীক অভিনন্দন দিবলৈ উপস্থিত হয় অনুৰাগীৰ এক বৃহৎ ভিৰ। এই ভিৰতে মৃত্যুক আকোৱালী লয় অভিনেতা গৰাকীয়ে ।

আৰক্ষীয়ে জনোৱা মতে, মৃতকৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ আৰু ১১৮(১) ধাৰাত চিক্কাডপল্লী আৰক্ষী থানাত অভিনেতাজন, তেওঁৰ নিৰাপত্তা দল আৰু থিয়েটাৰ পৰিচালনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ।

বুধবাৰে অভিনেতাজনে উচ্চ ন্যায়ালয়ত এফআইআৰ বাতিলৰ বাবে আবেদন দাখিল কৰি আবেদনৰ নিষ্পত্তি নোহোৱালৈকে গ্ৰেপ্তাৰকে ধৰি পৰৱৰ্তী সকলো কাৰ্য্যবিধি স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছিল ।ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে মৃত মহিলাগৰাকীৰ পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল।

শুক্ৰবাৰে পুৱা অভিনতা গৰাকীক উক্ত গোচৰত আৰক্ষীয়ে তেওঁৰ নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । পৰৱৰ্তী সময়ত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল অভিনেতা জনক । ইয়াৰ পিছতে অপ্ৰাতিকৰ পৰিস্থিতিক মোকাবিলা কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছিল আৰক্ষী-প্ৰশাসনে ।

কিন্তু সন্ধিয়া সময়ত আল্লু অৰ্জুনে পালে ভাল খবৰ । টেলেংগানা উচ্চ ন্যায়ালয়ে অভিনেতা গৰাকীক প্ৰদান কৰিলে৪ সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন ।

উল্লেখযোগ্য যে অভিনেতাগৰাকীৰ জামিন লাভ কৰাৰ পিছত তেওঁক মোকলাই অনাত পলম হোৱাত জেলৰ বাহিৰতে প্ৰতিবাদত নামিছ্ল অভিনেতাজনৰ বহু অনুৰাগীয়ে । তাৰকা অভিনেতাগৰাকীৰ গোচৰৰ অন্তিম ৰায়দান কি হব তাৰ ওপৰত দৃষ্টি ৰাখিছে বহুতে ।

allu arjun