টিকট দিয়াৰ নামত ধনৰ লেন-দেনৰ অভিযোগ

পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ধুবুৰী জিলা কংগ্ৰেছত বাঢ়িছে আভ্যন্তৰীণ সংঘাত। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থিত্বক লৈ সৃষ্টি হোৱা দলীয় সংঘাতে জিলা কংগ্ৰেছত ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছত দলীয় সংঘাতে লৈছে ভয়ংকৰ ৰূপ

কংগ্ৰেছত দলীয় সংঘাতে লৈছে ভয়ংকৰ ৰূপ

ডিজিটেৱল সংবাদ, ধুবুৰী: পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ধুবুৰী জিলা কংগ্ৰেছত বাঢ়িছে আভ্যন্তৰীণ সংঘাত। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থিত্বক লৈ সৃষ্টি হোৱা দলীয় সংঘাতে জিলা কংগ্ৰেছত ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে পুৱা ধুবুৰীৰ হোটেল ব্ৰহ্মপুত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নৃপেন ঠাকুৰীয়া বাহৰ পাতি থকাৰ সময়তে জিলা কংগ্ৰেছ কৰ্মীৰ এটা ফৈদে কংগ্ৰেছৰে আন এটা ফৈদৰ লোকক মাৰ-পিট কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

ধুবৰী আৰক্ষীৰ এটি দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তীক্ষ্ণ নজৰ ৰখাও পৰিলক্ষিত হৈছে। এই প্ৰসংগত  ধুবুৰী জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি হেলিম জামানে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। অভিযোগ অনুসৰি তেওঁ ধুবুৰী জিলাৰ পানবাৰী-ৰঙামাটি জিলা পৰিষদ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পোৱাটো নিশ্চিত আছিল। কিন্তু তেওঁৰ প্ৰাৰ্থিত্ব পেণ্ডিং থকা বুলি কৈ তেওঁৰ ঠাইত ছানোৱাৰ হুছেইন নামৰ এজন লোকক প্ৰাৰ্থিত্ব আগৱঢ়োৱা হেছে বুলি ক্ষোভ প্ৰকাশ কৰে। তেওঁৰ স্থানত ১০ লাখ টকাৰ বিনিময়ত সেই জিলা পৰিষদ টিকট বিক্ৰী কৰা হৈছে বুলি  গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। 

একেদৰে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰী জিলাৰ আন কেইটা জিলা পৰিষদতো কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই টকা লৈ টিকট দিয়াৰ অভিযোগ উত্থাপন কৰিছে  ধুবুৰী জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি হেলিম জামানে। উল্লেখযোগ্য যে, জিলা সেৱা দলৰ সভাপতি হেলিম জামানক টিকট প্ৰদানৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ পৰাও ধুবুৰী জিলা কংগ্ৰেছক লিখিত পত্ৰও প্ৰেৰণ কৰিছিল। ইপিনে জিলা পৰিষদৰ প্ৰাৰ্থীৰ টিকট প্ৰদানৰ নামত ১০ লাখ আৰু আঞ্চলিক পঞ্চায়তৰ টিকট ৬ লাখ টকালৈ বিক্ৰী হৈছে বুলি অভিযোগ উঠিছে। 

আনহাতে গাছপাৰা জিলা পৰিষদ কংগ্ৰেছ কৰ্মী ৰছিদুল ইছলামক টিকট প্ৰদানৰ নামতো পাঁচ লাখ আদায় লোৱাৰ অভিযোগ উত্থাপিত হৈছে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান ( জুয়েল) ৰ বিৰুদ্ধে। ৰছিদুল ইছলামৰ পৰা আৰু ৬ লাখ টকা দাবী কৰা বুলি অভিযোগ উত্থপন কৰিছে ৰছিদুল ইছলামে। দাবী কৰা ৬ লাখ টকা নিদিয়াৰ বাবেই তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে। পূৰ্বে ফোন পে'ৰ জৰিয়তে ৰচিদুল ৰ পৰা ধন লৈছিল ধুবুৰী জিলা কংগ্ৰেছ সভাপতি আৱেদুৰ জামানে। এই সন্দৰ্ভত ধুবুৰী জিলা কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে দায়িত্ব অৰ্পণ কৰা তথা অসম প্ৰদেশ কংগ্ৰেছ  নৃপেণ ঠাকুৰীয়াই সদৰী কৰে যে, "প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত গণ্ডগোল এটা হৈছে। এই ক্ষেত্ৰত সমগ্ৰ বিষয়টো অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক অৱগত কৰা হৈছে" বুলি তেওঁ উল্লেখ কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছ ধুবুৰী পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত