পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত ভূমি বেদখলৰ অভিযোগ

হাৱাইপুৰ জিৰিম গাওঁ সাপ্তাহিক বজাৰৰ ভূমি বেদখলৰ এই অভিযোগ উত্থাপন কৰিছে খোদ বজাৰ পৰিচালনা সমিতিয়ে। সূদীর্ঘ দিনৰ পৰা বজাৰখনৰ চৌপাশে থকা একাংশ লোকে দোকান দিয়াৰ নামত কৰি গৈছে বজাৰৰ ভূমি বেদখল। 

author-image
Asomiya Pratidin
New Update
পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত ভূমি বেদখলৰ অভিযোগ

পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত ভূমি বেদখলৰ অভিযোগ

ডিজিটেল সংবাদ, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে। হাৱাইপুৰ জিৰিম গাওঁ সাপ্তাহিক বজাৰৰ ভূমি বেদখলৰ এই অভিযোগ উত্থাপন কৰিছে খোদ বজাৰ পৰিচালনা সমিতিয়ে। সূদীর্ঘ দিনৰ পৰা বজাৰখনৰ চৌপাশে থকা একাংশ লোকে দোকান দিয়াৰ নামত কৰি গৈছে বজাৰৰ ভূমি বেদখল। 

Advertisment

উল্লেখযোগ্য যে, কাৰ্বি পৰিষদে উক্ত বজাৰখনৰ নামত আবন্টন দিছিল প্ৰায় ১০ বিঘাতকৈ অধিক ভূমি। বিপৰীতে কাৰ্বি পৰিষদে বজাৰ স্থাপনৰ পাছৰে পৰা কৰ, মাচুল আদিৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি আহিছে। কিন্তু গুৰুত্বপূৰ্ণ কথা যে বজাৰৰ ভূমিত দোকান আদি দিয়াৰ গইনা লৈ সম্প্ৰতি একাংশ লোকে পকীঘৰ, শৌচালয়, কুৱা আদি নিৰ্মাণৰ বিপৰীতে তামোল-নাৰিকল গছ আদি ৰোপণ কৰি বেদখল কৰা পৰিলক্ষিত হৈছে। আনকি বিগত কিছুদিন পূৰ্বে বজাৰ পৰিচালনা কমিটিয়ে বজাৰৰ ভূমিত বজাৰ পৰিচালনা কমিটি কাৰ্যালয় স্থাপন কৰিবলৈ লোৱাত বেদখলকাৰীয়ে বাধা আৰোপ কৰি এক উত্তপ্ত-উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰাও পৰিলক্ষিত হৈছে। 

অৱশ্যে শেহতীয়াকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে উত্তপ্ত পৰিস্থিতি। যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ উপায়ন্তৰ বজাৰ সমিতিয়ে বজাৰৰ ভূমি শীঘ্ৰে বেদখলমুক্ত কৰিবলৈ আৰু বেদখলকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ কাৰ্বি পৰিষদ, বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

ভূমি বেদখল পশ্চিম কাৰ্বি আংলং বেদখল