/asomiyapratidin/media/media_files/2025/08/01/dhakuakhana-2025-08-01-16-14-36.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত ঘাহিগাঁও প্ৰাথমিক বিদ্যালয় বিদ্যালয়ত চৰকাৰী পুঁজিৰে নিৰ্মিত ৰন্ধনগৃহ আৰু মজুত ভঁৰালত নিম্নমানৰ সামগ্ৰীৰে, ক্ৰুটিপৰ্ণ নিৰ্মাণ কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ শিক্ষাৰ পিএম পোষণ শিতানৰ প্ৰায় ৪ লাখ টকা ব্যয়ৰে বিদ্যালয়খনৰ ৰন্ধনগৃহ আৰু মজুত ভঁৰাল নিৰ্মাণ কৰাৰ বাবে পুঁজি আবন্টন হৈছিল। সেই অনুক্ৰমে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ হৈ প্ৰধান শিক্ষক পৰমা কোঁৱৰে বিদ্যালয় চৌহদত এটা গৃহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।
অভিযোগ অনুসৰি, প্ৰধান শিক্ষক গৰাকীয়ে উক্ত পুঁজিৰ অপব্যৱহাৰ কৰি অপৈনত মিস্ত্ৰীৰ জৰিয়তে অতি পালমৰা নীতিৰে নিৰ্মাণ কাৰ্য চলাই আহিছে। বিদ্যালয়ৰ পুৰণি খুঁটা, দুৱাৰ, টিন ব্যৱহাৰ কৰি পুৰণি আন্তঃগাঁঠনিৰ ওপৰত অতি বিপদজনক ভাৱে গৃহটো নিৰ্মাণ কৰা স্থানীয় ৰাইজ তথা অভিভাৱকৰ দৃষ্টিগোচৰ হয়।
ইফালে ৰাইজ আৰু অভিভাৱকৰ এটা দলে শুকুৰবাৰে দুপৰীয়া বিদ্যালয়খনত উপস্থিত হৈ ক্ৰুটিপূৰ্ণ আৰু নিম্নমানৰ কাম দেখি স্তম্ভিত হয়। বিভাগীয় প্ৰাককলন উলংঘা কৰি খেয়াল খুচি মতে চলোৱা নিৰ্মাণৰ বাবে নিৰ্মীয়মান অৱস্থাতে গৃহটোত দেখা গল প্ৰকাণ্ড ফাঁট। তাৰোপৰি কিছু পকী বেৰত ব্যৱহাৰ কৰিছে ৩ ইঞ্চি ইটাৰ গাঁথনি। অতি বেপৰোৱাভাৱে বিসংগতিমূলক পদ্ধতিৰে নিৰ্মাণ কৰা ৪ লাখ টকা মূল্যৰ গৃহটোৰ স্থায়িত্ব হ্ৰাস পোৱাৰ লগতে দুৰ্নীতি সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰি ক্ষুব্ধ ৰাইজে এনে তৰল নিৰ্মাণ পদ্ধতি বন্ধ কৰাৰ ঐক্যবদ্ধ দাবী জনায়। লগতে সমগ্ৰ শিক্ষাৰ উৰ্ধতন বিষয়াৰ দৃষ্টিগোচৰ কৰাৰ সিদ্ধান্ত লয়।
ইয়াৰোপৰি ৰাইজে বিপদজনকভাৱে কৰা নিম্নমানৰ নিৰ্মাণ ভাঙি উঠাই দিয়াৰ লগতে সম্পূৰ্ণ প্ৰাককলন মতে পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰধান শিক্ষক কোঁৱৰক দাবী জনায়। ৰাইজৰ দাবী মানি প্ৰধান শিক্ষক গৰাকীয়ে ক্ৰুটিপুৰ্ণ নিৰ্মাণ কাৰ্য শ্ৰমিকৰ জৰিয়তে ভাঙি দিবলৈ বাধ্য হয়। ৰাজহুৱা সম্পত্তিৰ বিপৰীতে আবন্তিত পুঁজিৰ যাতে এটকাও অপচয় নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি বিভাগীয় অভিযন্তা, সমগ্ৰ শিক্ষা বিভাগৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে ক্ষুব্ধ ৰাইজ আৰু অভিভাৱক সকলে।