Advertisment

পত্নীক জীয়েক সজাই মাটি নামজাৰি ! ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে চূড়ান্ত মইমতালিৰ অভিযোগ…

সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ লগতে ৫০ লাখ টকাৰ মানহানি গোচৰ তৰাৰো ভাবুকি দিয়ে ৷ চক্ৰ বিষয়াগৰাকীৰ এনে আচৰণকলৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
fdfh

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি হাতীগড়ৰ ২ নং কছৈটিং গাঁৱৰ এটা পৰিয়ালৰ ৰাজমালি মাটি পৃথকীকৰণ নকৰাকৈ পট্টাদাৰৰ অজ্ঞাতে চহী জালিয়াতিৰে মণ্ডল, কাননগো আৰু ধেমাজি ৰাজহ চক্ৰ বিষয়াই আন ব্যক্তিৰ নামত নামজাৰি কৰা বিষয়কলৈ সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা সম্পৰ্কত পট্টাদাৰে অভিযোগ দিবলৈ যাওঁতেই ৰাজহ চক্ৰ বিষয়া মনালী ৰজতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। 

Advertisment

চক্ৰ বিষয়াগৰাকীয়ে অভিযোগকাৰীক কাৰ্য্যালয়ৰ ভিতৰৰ পৰা খেদি পঠিয়াই বীৰত্ব দেখুওৱা বুলি জানিবলৈ দিয়ে। এই ঘটনাৰ পাছতে ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে ধেমাজি ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ মণ্ডল, কাননগো আৰু ৰাজহ চক্ৰৰ বিষয়াই মিলি অভিযোগকাৰী পট্টাদাৰৰ ককায়েক – ভায়েক ক্ৰমে প্ৰনৱ গগৈ আৰু বিনোদ গগৈৰ অজ্ঞাতেই  হাতীগড় ২ নং কছৈটিং গাঁৱৰ মপৰ ৪০ নং পট্টা, ২১৮ নং দাগৰ ৪ বিঘা ৩ কঠা ৩ লোচা মাটিৰ ভিতৰত ২ বিঘা ১ কঠা ১২ লোচা আৰু লায়েঙৰজানৰ ৭ নং লাটৰ ৮৫ নং দাগৰ ২ বিঘা মাটি অভিযোগকাৰী পট্টাদাৰৰ অজ্ঞাতেই অভিযোগকাৰীৰ মৃত ককায়েক নয়নমনি গগৈৰ দ্বিতীয় পত্নী সৰোজিনী গগৈক, পত্নীৰ ঠাইত জীয়েক সজাই মণ্ডল ,কাননগো আৰু ৰাজহ চক্ৰ বিষয়াই মুঠ ৪বিঘা মাটি নামজাৰি কৰি ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈছিল ৷ 

বিষয়টো লৈ অভিযোগকাৰীয়ে বাৰম্বাৰ ৰাজহ চক্ৰ বিষয়াগৰাকীক জনোৱাৰ পাছতো বিষয়াগৰাকীয়ে বিষয়টো গুৰুত্ব নিদি লুকুৱাই ৰখাৰহে চেষ্টা চলায় ৷ এই বিষয়লৈ অভিযোগকাৰী বিনোদ গগৈ আৰু তেওঁৰ বৌয়েকে বৃহস্পতিবাৰে পুৱা ১১-০০ বজাত ৰাজহ চক্ৰ বিষয়াগৰাকীক বিষয়টো পুনৰ অৱগত কৰিবলৈ কাৰ্য্যালয়ত প্ৰবেশ কৰা লগে লগেই বিষয়াগৰাকীয়ে ত্বচ্ছ -তাচ্ছিল্য বাক্যৰে গালি-গালাজ পাৰে।

“মোৰ কাৰ্য্যালয়ৰ বিষয়ে বাতৰিত প্ৰকাশ কৰিলি, সাংবাদিকক কিমান টকা দিলি, দুহেজাৰ –এহেজাৰ টকা দিলেই বাতৰি লিখিব পাৰি, মোৰ বিৰুদ্ধে এ ডি চিৰ ওচৰত অভিযোগ দিয়া বুলি মই খবৰ পাইছো... মোক কি কৰিব পাৰিবি, মই কাৰো তলত চাকৰি কৰা নাই, নিজে কষ্ট কৰি চাকৰি লৈছোঁ...” আদি বিভিন্ন কুটু মন্তব্য কৰা বুলি চক্ৰ বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। 

ইয়াৰ উপৰিও বিষয়াগৰাকীয়ে লম্ফ-জম্ফ কৰি সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ লগতে সাংবাদিকৰ ওপৰত ৫০ লাখ টকা মানহানি গোচৰ তৰাৰো ভাবুকি দিয়ে ৷ চক্ৰ বিষয়াগৰাকীৰ এনে আচৰণকলৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাজহ চক্ৰ বিষয়া