দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত হৈছে দক্ষিণ শালমাৰা-মানকাচৰ...

২০২০-২১ বিত্তীয় বৰ্ষত লোক নিৰ্মাণ বিভাগৰ এছ.ও.পি.ডি আঁচনিৰ জৰিয়তে কালাপানী-বেঙেৰভিটা সংযোগী পথ নিৰ্মাণৰ বাবে ১ কোটি ৮৯ লাখ ৮৬ হেজাৰ ৯০০ টকা আৱণ্টন দিছিল ৰাজ্য চৰকাৰে

author-image
Asomiya Pratidin
New Update
দক্ষিণ শালমাৰা

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : ২০২০-২১ বিত্তীয় বৰ্ষত লোক নিৰ্মাণ বিভাগৰ এছ.ও.পি.ডি আঁচনিৰ জৰিয়তে কালাপানী-বেঙেৰভিটা সংযোগী পথ নিৰ্মাণৰ বাবে ১ কোটি ৮৯ লাখ ৮৬ হেজাৰ ৯০০ টকা আৱণ্টন দিছিল ৰাজ্য চৰকাৰে। পথটো নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰিছিল আম আদমী পাৰ্টীৰ নেতা তথা বিভাগীয় ঠিকাদাৰ মোস্তাক মহাম্মদ মোকছেদুৰ ৰহমানে ।

অভিযোগ অনুসৰি এই পথছোৱা নিৰ্মাণৰ বাবে ঠিকাদাৰে নাম নুশুনা কে.পি নামৰ চিমেণ্টেৰ দ্বাৰা কালাপানী-বেঙেৰভিটা পথ নিৰ্মাণ কৰিছিল। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথটো নিৰ্মাণ কৰাৰ এটা বছৰ সম্পূৰ্ণ নৌহওতেই পথৰ ঠায়ে ঠায়ে জহি খহি যাবলৈ ধৰিছে। এই অভিযোগ আনিছে কালাপানী আঞ্চলিক আমছুৱে। 

আমছুৱে ইতিমধ্যে জিলা প্ৰশাসনক লিখিত অভিযোগও দাখিল কৰিছে। কিন্তু জিলা প্ৰশাসনৰ পৰা ৰহস্যজনক ভাৱে ঠিকাদাৰ মোস্তাক মহাম্মদ মোকছুদুৰ ৰহমানৰ বিৰুদ্ধে কোনো বিহীত ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে।

কালাপানী-বেঙেৰভিটা সংযোগী পথটো পুনৰ মেৰামতিৰ ব্যৱস্থা কৰি দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ মোস্তাক মহাম্মদ মোকছুদুৰৰ লাইচেঞ্চ বাতিলৰ লগতে ব্লক লিষ্ট কৰাৰ দাবী তুলিছে কালাপানী আঞ্চলিক আমছুৱে।

দক্ষিণ শালমাৰা