প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধনদাবীৰ অভিযোগ

লংকাত সংঘটিত হৈছে ভয়ংকৰ অনিয়মৰ ঘটনা। চৰকাৰী ঘৰ দিয়াৰ জিৰ'টেগৰ নামত ধন লোৱা অভিযোগ উত্থাপন হৈছে নখুটীৰ চাৰ্কেবস্তি গাওঁ পঞ্চায়তৰ ডেকা বস্তি গাঁওৰ গাঁওপ্ৰধানৰ বিৰুদ্ধে। আনহাতে, লংকাৰ উদালিতো প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ভয়ংকৰ অনিয়মৰ অভিযোগ উঠিছে।

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ অনিয়মৰ অভিযোগ

ভয়ংকৰ অনিয়মৰ অভিযোগ

ডিজিটেল ডেস্ক: লংকাত সংঘটিত হৈছে ভয়ংকৰ অনিয়মৰ ঘটনা। চৰকাৰী ঘৰ দিয়াৰ জিৰ'টেগৰ নামত ধন লোৱা অভিযোগ উত্থাপন হৈছে নখুটীৰ চাৰ্কেবস্তি গাওঁ পঞ্চায়তৰ ডেকা বস্তি গাঁওৰ গাঁওপ্ৰধানৰ বিৰুদ্ধে। একে গাঁওৰে অনিলা চাংমা নামৰ এগৰাকী মহিলাই উত্থাপন কৰিছে এই অভিযোগ। অভিযাগ অনুসৰি, নগদ ৫০০ টকা দিৱ নোৱাৰাৰ বাবে মহিলাগৰাকীৰ পৰা জিৰ'টেগৰ ফৰ্ম গ্ৰহণ নকৰিলে গাঁওখনৰ গাঁওপ্ৰধানে। এই ঘটনাৰ লগত হানি আৰু আলাল নামৰ দুজন লোকো জৰিত আছে বুলি জানিব পৰা গৈছে। ইফালে গাঁওখনৰ প্ৰায় ১২০ ঘৰ মানুহৰ ঘৰৰ পৰা ৫০০ টকাকৈ নগদ ধন লোৱা অভিযোগ উত্থাপন হৈছে গাঁওপ্ৰধান গৰাকীৰ বিৰুদ্ধে।

আনহাতে, লংকাৰ উদালিতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ভয়ংকৰ অনিয়মৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, উদালি উন্নয়ণ খণ্ডৰ অন্তৰ্গত পশ্চিম উদালি গাওঁ পঞ্চায়তৰ ২ নং ৰামনগৰত দীলাৰা খাটুন নামৰ মহিলাগৰাকীৰ নামত এটা প্ৰধান মন্ত্ৰী আৱাসগৃহ অনুমোদন হৈছিল। মহিলাগৰাকীৰ সকলো নথি পত্ৰ থিকেই আছিল যদিও দীলাৰা খাটুনৰ পৰিৱৰ্তে দীলাৰা হুছেইন আহিল। ইয়াৰে সুযোগ গ্ৰহণ কৰি ২নং ৰামনগৰৰ যুৱ কংগ্ৰেছৰ নেতা গিয়াছ উদ্দিনে উপাধিটো শুদ্ধৰাই দিয়াৰ নামত দীলাৰা খাটুন নামৰ মহিলা গৰাকীৰ পৰা ১০,০০০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। দৰিদ্ৰ মহিলাগৰাকীয়ে বিছৰা ধন দিবলৈ অপাৰগ হোৱাত গিয়াছ উদ্দিন নামৰ দালালটোৱে পঞ্চায়তৰ বিষয়া কৰ্মচাৰী লগত মিলি নিজ ভাতৃ দীলাৰা হুছেইনৰ একাউণ্টত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ধন সোমোয়াই আত্মসাৎ কৰে। মহিলা গৰাকীয়ে পুনৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বাবে আবেদন কৰাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহে।

উল্লেখযোগ্য যে, উপাধিৰ বাহিৰে সকলো নথি পত্ৰ শুদ্ধ থকাৰ পাছতো কেনেদৰে জালিয়াতীৰে এই বৃহৎ পৰিমাণৰ ধন সৰকাই লৈ গল সেয়া চিন্তনীয় বিষয় হৈ পৰিছে। ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ নিবাৰক শাখা, হোজাই জিলা আয়ুক্ত আৰু হোজাই জিলা আৰক্ষী অধীক্ষকক ঘটনাৰ সম্পৰ্কে‌ তদন্ত বিছাৰি আবেদন কৰিছে।। ইতিমধ্যে হোজাই আৰক্ষীয়ে গোচৰ নং ৩৪/২০২৫ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/৪৬৮/৪৭১/৩৪ ধাৰাত এক জামিনবীহীন গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও মুল অভিযুক্ত গীয়াছ উদ্দিন পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। ইফালে পঞ্চায়তৰ চৰকাৰী আৱাস যোজনাৰ অধীনত মৃত্যু হোৱা লোকৰ নামতো ধন আত্মসাৎ কৰাকে ধৰি বহু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

প্ৰধানমন্ত্ৰী আৱাস যোজনা