ধেমাজিত বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত দুৰ্নীতিৰ অভিযোগ

কাছাৰী ময়দানৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰি জিলা আয়ুক্তৰ কাৰ্য্যালয়ত বহু সময় ধৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ কাৰ্য্যসূচীৰ অন্তত এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ 

author-image
Asomiya Pratidin
New Update
ধেমাজিত বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত দুৰ্নীতিৰ অভিযোগ

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ দুখীয়া, দৰিদ্ৰ মহিলাসকলৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত অৰুণোদয় আৰু মহিলা উদ্যমিতা আঁচনি দুখন সফলভাৱে ৰূপায়ণ কৰাত ব্যৰ্থ হৈছে। ধেমাজিৰ একাংশ বিজেপি কৰ্মী আৰু দালালে চৰকাৰী নীতি-নিয়মসমূহ দলিয়াই পেলাই সম্পূৰ্ণ ৰাজনৈতিক বৈষম্যৰে চূড়ান্ত দুৰ্নীতি সংঘটিত কৰাৰ প্ৰতিবাদত মঙ্গলবাৰে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ 

Advertisment

কাছাৰী ময়দানৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰি জিলা আয়ুক্তৰ কাৰ্য্যালয়ত বহু সময় ধৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ কাৰ্য্যসূচীৰ অন্তত এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ 

প্ৰতিবাদী সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজুৰাজ বৰপাত্ৰগোঁহাই, জিলা সমিতিৰ সভাপতিদ্বয় যদুমনি গগৈ আৰু ভৱেন হালৈ, সম্পাদক দূৰ্গা বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি  মন্টু কাৰ্দং , যুটীয়া সম্পাদক নৱদ্বীপ বৰগোহাঁই , উপ- সভাপতি যুগল গগৈকে ধৰি ধেমাজি সমিতিৰ সভাপতিদ্বয় অভিজিৎ খনিকৰ , ভৰতৰাজ ভুঞাঁ, সম্পাদকদ্বয়  লক্ষ্য চেতিয়া আৰু অপূৰ্ব গগৈয়ে উপস্থিত থাকে। 

তেওঁলোকে বক্তব্যত বিজেপি চৰকাৰৰ কামকাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে মহিলা উদ্যমিতা আঁচনিত পাবলগীয়া উপযুক্ত মহিলাসকলৰ নাম শীঘ্ৰেই অন্তভুৰ্ক্ত কৰা অন্যথা আঁচনিখন বাতিল কৰা , ধেমাজি জিলাত প্ৰতিখন ৰেচন কাৰ্ডৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিত হিতাধিকাৰী হিচাপে অন্তভুৰ্ক্ত কৰা, অৰুণোদয় আৰু উদ্যমিতা আচঁনিৰ হিতাধিকাৰী তালিকা ইতিমধ্যে ৰাজনৈতিক নেতাৰ ঘৰত প্ৰস্তুত কৰা অভিযোগ কৰি সেয়ে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন ৰাজনৈতিক নেতাৰ বিপৰীতে গাঁও পঞ্চায়তৰ প্ৰকৃত গাঁওসভাৰ জৰিয়তে নিৰ্বাচন কৰাৰ দাবী জনায়। 

একেদৰে অৰুণোদয় আৰু মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ৰাজনৈতিক বৈষম্য বন্ধ কৰা , অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰা, অৰুণোদয় আৰু মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ নামত ধন সংগ্ৰহ বন্ধ কৰা আৰু অৰুণোদয় আচঁনি, লাখপতি বাইদেউ আচঁনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত ৰাজনৈতিক বৈষম্য সৃষ্টি কৰা মিনাক্ষী সোনোৱাল , ৰাস্না গগৈ বৰা , দুলেন পেগু , ৰূপজ্যোতি দলে আৰু উজ্বল বসুমতাৰীৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহন কৰা দাবীত ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷

dhemaji