/asomiyapratidin/media/media_files/2025/03/18/iy7V8Ck47j9er2Uzu67Q.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ চানখোলাত পঞ্চায়ত প্ৰতিনিধি, সচিব আৰু কনিষ্ঠ অভিযন্ত্ৰাই মিলি এমজিএনৰেগা আঁচনিৰ অধীনত এটি এটা কৃষি বান্ধ নিৰ্মাণৰ নামত সংঘটিত কৰিছে এক বৃহৎ কেলেংকাৰী। উন্নয়ন খণ্ডৰ তথা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চানখোলা গাঁও পঞ্চায়তৰ চানখোলা গাঁৱৰ ১ নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে এই কেলেংকাৰী।
গাঁওখনৰ এটি পুৰণি পথৰ বিপৰীতে ২০২০-২১ বৰ্ষত "এগ্ৰিল বান্ধ আৱণ্টন কৰাই ২০২৪ বৰ্ষ পৰ্যন্ত বিগত চাৰে তিনি বছৰ ৯,১৪,২৩৪°০০ টকাৰ বিল উঠাই কেৱল উদৰস্থ কৰাৰ বাহিৰে এক শতাংশ নিৰ্মাণৰ কাম নকৰাৰ তথ্য পোহৰলৈ আহিছে ।
প্ৰাপ্ত তথ্য অনুসৰি "এমজিএনৰেগা" আঁচনিৰ অধীনত 0413007019/FP/9010258492 const.of Agril bund from Chankhula Kalam house to Jamemasjid, (Sanction No-0413007019/2020-21/47806/AS date-30-8-2020) নামৰ কৃষি বান্ধ টো আৱণ্টন কৰাই তাৰ বিপৰীতে ৯,৪৬,৭৩৪°০০ টকা আৱণ্টন দিয়া হৈছিল।
বান্ধটোৰ নিৰ্মাণৰ কাম সম্পন্ন কৰিবলৈ ১২ মাহ সময় দিয়া হৈছিল। লক্ষ্যণীয় কথা হ'ল এপাছিও মাটি নেপেলোৱা বান্ধটোত জবকাৰ্ড শ্ৰমিকে কাম কৰা দেখুৱাই ভুৱাকৈ ফটো তুলিছিল ধুৰন্দৰ জিআৰএছ খলিলুৰ ৰহমান চৌধুৰীয়ে। এনেকৈ ভুৱা ফটোৰ সহায়ত এআইইউডিএফৰ ৱাৰ্ড সদস্য আনাৰ হছেইনে পঞ্চায়ত সভাপতি,পঞ্চায়ত সচিৱ,কনিষ্ট অভিযন্তাৰ সহযোগত উন্নয়ন খণ্ড বিষয়াৰ দ্বাৰা অনুমোদন কৰাই ২০২১,২০২২ আৰু ২০২৪ বৰ্ষৰ নবেম্বৰ মাহলৈকে জব কাৰ্ড শ্ৰমিকে কাম কৰাৰ মুঠ ৩৭খন মাষ্টাৰ ৰোল বিল যোগে মাটি কটাৰ বিপৰীতে ৭,৯০৬০৪°০০ টকা উঠোৱা হয় ।
তাৰে ২০২১ ত তিনিখন মাষ্টাৰ ৰোল যোগে ৩,৬০,১৯২°০০, ২০২২ত সাতখন মাষ্টাৰ ৰোল যোগে ৮৭,৯৩৬°০০ টকা আৰু ২০২৪ বৰ্ষত বাৰ নবেম্বৰ লৈকে ৩,৪২,৪৭৬ টকা উঠায় লয়। লগতে সামগ্ৰীৰ বিপৰীতে আৱণ্টিত ১,২৩,৬৩০°০০ টকা খিনিও উঠাই সমুদায় ধন আত্মসাৎ কৰে। উল্লেখ্য যে, পথটোৰ ওপৰত পূৱ প্ৰান্তত বনোৱা তথ্য ফলক চাই গাওঁখনৰ ৰাইজে পঞ্চায়ত প্ৰতিনিধি সকলক পথ নিৰ্মাণৰ কাম কিয় হোৱা নাই বুলি সুধিলে বিল হোৱা নাই বুলি ফাকি দি আহিছিল।
এনেদৰে এআইইউডিএফৰ পঞ্চায়ত প্ৰতিনিধি সকলে শাসকীয় দূৰ্নীতি শূন্যসহনশীল চৰকাৰক অকনো কেৰেপ নকৰি চৰকাৰী অভিযন্তা,পঞ্চায়ত সচিব আৰু জিআৰএছে মিলি কঠীয়াতলী উন্নয়ন খণ্ড বিষয়াৰ চকুত ধূলি মাৰি কাম নকৰাকৈ আচঁনিখনৰ বিপৰীতে আৱণ্টিত সমুদায় ধন আত্মসাৎ কৰাটো সচেতন মহলে মানি লৱ পৰা নাই।
সেয়ে পথ(এগ্ৰিল বান্ধ)টোৰ নিৰ্মানৰ কাম নকৰাকৈ আচঁনি খনৰ আৱণ্টিত সমুদায় ধন আত্মসাৎ কৰা বিষয়টো তদন্ত মৰ্মে আত্মসাৎ কৰা ধন উদ্ধাৰ কৰি পথ( এগ্ৰিল বান্ধ )টো নিৰ্মাণ কৰাৰ বিহীত ব্যৱস্থা লোৱাৰ লগতে প্ৰৱঞ্চক অভিযন্তা, পঞ্চায়ত প্ৰতিনিধি,পঞ্চায়ত সচিব, আৰু জি আৰ এছ খলিলুৰ ৰহমানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লবলৈ স্থানীয় বিজ্ঞ মহলে পঞ্চায়ত মন্ত্ৰী আৰু সমষ্টিৰ বিধায়ক জিতু গোস্বামীক দাবী জনাইছে ।