ডিজিটেল সংবাদ, কয়াকুছিঃ বৰপেটা জিলাৰ কয়াকুছিৰ সমীপৰ ভৌকামাৰী গাঁৱত স্বাহানাজ বেগম নামৰ এগৰাকী মহিলাই একাংশ মহিলাৰ পৰা অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।
অৰুণোদয়ৰ বাচনি কমিটিৰ সদস্যা স্বাহানাজ বেগমে ৰেচন কাৰ্ড থকাৰ পিছতো ধন নিদিলে অৰুণোদয় আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত নকৰাৰ ভাবুকিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ মহিলাই ।
একাংশ মহিলাৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ মহিলাগৰাকীৰ বিৰুদ্ধে । লগতে অভিযোগ কৰে যে টকা নিদিলে নথি-পত্ৰ জমা নলয় স্বাহানাজ বেগমে।
ইতিমধ্যে ভুক্তভোগী একাংশ মহিলাই স্বাহানাজ বেগমৰ বিৰুদ্ধে কয়াকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।