New Update
/asomiyapratidin/media/media_files/2025/04/17/F6UGoUUzhAePocKxdhF3.jpg)
বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
ডিজিটেল সংবাদ, শুৱালকুছি : পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। অন্তিম দিনটোৰ পূৰ্বে শাসকীয় দল বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তৃনমূল কংগ্ৰেছৰ মনোনীত পঞ্চায়ত প্ৰাৰ্থী মৌচুমী দাসে। ভয়, ভাবুকি আৰু প্ৰলোভনৰে পঞ্চায়তৰ প্ৰাৰ্থীত্ব উঠায় লোৱাৰ বাবে মৌচুমী দাসক হেঁচা প্ৰদান কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে।
উল্লেখযোগ্য যে, শুৱালকুছি জিলা পৰিষদৰ অন্তৰ্গত মধ্য শুৱালকুছিত আঞ্চলিক সদস্যাৰ (কাউন্সিলাৰ) পদত আছে দুগৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। ইয়াৰে এগৰাকী বিজেপি দলৰ প্ৰাৰ্থী আনহাতে আনগৰাকী প্ৰাৰ্থী হৈছে তৃণমূল কংগ্ৰেছ দলৰ মৌচুমী দাস।
প্ৰাৰ্থীৰ গৰাকীৰ নিজ বাসগৃহত আহি বিভিন্ন প্ৰলোভন দিয়াৰ লগতে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছে মৌচুমী দাসে। আনকি তেওঁলৈ সমৰ্থন জনোৱা সমৰ্থক সকলৰ অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ সকলো কৰ্তন কৰা হ'ব বুলি ভাবুকি দিয়াৰ অভিযোগ প্ৰাৰ্থী গৰাকীৰ। মৌচুমী দাসে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিলেই বিজেপি প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দিতাৰে বিজয় হোৱাতো নিশ্চিত হয় পৰিব। যাৰ বাবে মৌচুমী দাসক এনেদৰে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপি দলৰ নেতা-পালিনেতাৰ বিৰুদ্ধে।