পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে জব কাৰ্ডৰ ধন লুটৰ অভিযোগ...

একাংশ গাঁও পঞ্চায়তৰ সদস্য আৰু পঞ্চায়ত প্ৰতিনিধিয়ে হিতাধিকাৰী জনৰ জব কাৰ্ড ব্যৱহাৰ নকৰি অন্য জব কাৰ্ড ব্যৱহাৰ কৰি চতুৰালিৰে ধন উঠাই চৰকাৰী গৃহ নিৰ্মাণৰ ধন আত্মসাৎ কৰিছে বুলি অভিযোগ কৰে ভুক্তভোগীয়ে।

author-image
Asomiya Pratidin
New Update
w

ডিজিটেল সংবাদ,মানকাচৰঃ  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ জব কাৰ্ডৰ ধন লুটাৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে। মানকাচৰৰ বিভিন্ন গাঁও পঞ্চায়তৰ লগতে কানাইমাৰা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা।৯৮.৫০ শতাংশ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰি দেশৰ ভিতৰত চমক সৃষ্টি কৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলাই।

Advertisment

পিছে এই জিলা খনতে একাংশ গাঁও পঞ্চায়তৰ সদস্য/ প্ৰতিনিধিয়ে ভুৱা হিতাধিকাৰীৰ একাউণ্ট ব্যৱহাৰ কৰি একো একোজন হিতাধিকাৰীৰ পৰা ১৫-২০ হেজাৰ টকা লুটি নিয়াৰ অভিযোগ কৰিছে ভুক্তভোগীয়ে।বিভাগীয় নিয়ম অনুসৰি, যিজন হিতাধিকাৰীৰ নামত ঘৰ আবন্টন হয় সেইজন হিতাধিকাৰীৰ জব কাৰ্ডত গৃহ নিৰ্মাণৰ আন্তগাঁথনিৰ বাবে চৰকাৰী ভাৱে ২০ হেজাৰ টকা আবন্টন দিয়া হয়।

একাংশ গাঁও পঞ্চায়তৰ সদস্য আৰু পঞ্চায়ত প্ৰতিনিধিয়ে হিতাধিকাৰী জনৰ জব কাৰ্ড ব্যৱহাৰ নকৰি অন্য জব কাৰ্ড ব্যৱহাৰ কৰি চতুৰালিৰে ধন উঠাই চৰকাৰী গৃহ নিৰ্মাণৰ ধন আত্মসাৎ কৰিছে বুলি অভিযোগ কৰে ভুক্তভোগীয়ে।

কেৱল কানাইমাৰা গাঁও পঞ্চায়তত শতাধিক হিতাধিকাৰীৰ গৃহ নিৰ্মাণৰ নামত অহা জব কাৰ্ডৰ ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে।ইতিমধ্যে বিষয়টো লৈ হিতাধিকাৰী সকলে ফেকামাৰী খণ্ড উন্নয়ন বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে।ঘটনাক লৈ খণ্ড উন্নয়ন বিষয়াই কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

জব কাৰ্ড