/asomiyapratidin/media/media_files/2025/04/20/TwmPM6KcUuYQb28l81Ca.jpg)
দেৱজিৎ দাসৰ বিৰুদ্ধে দল সংগঠনৰ ভয়ংকৰ অভিযোগ
ডিজিটেল সংবাদ, হাজো : কামৰূপৰ আমিনগাঁৱৰ পৰা শিঙিমাৰীৰ পৰা হাজো হৈ বৰপেটালৈ নিৰ্মাণ হ'ব চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ৪২৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা নিৰ্মাণক লৈ এতিয়া সৰৱ হৈ পৰিছে উত্তৰ কামৰূপ জিলা হিন্দু জাগৰণ মঞ্চৰ লগতে সনাতনী জাগ্ৰত প্ৰহৰী। দুয়োটি সংগঠনে দেওবাৰে হাজোত এক সংবাদমেল সম্বোধন কৰি প্ৰস্তাৱিত পথচোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে যদিও সৰব হৈ পৰিল লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা দেৱজিৎ দাসৰ বিৰুদ্ধে।
হিন্দু জাগৰণ মঞ্চৰ অভিযোগ, প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ঘাইপথ চোৱা মুল হাজোক স্পৰ্শ নকৰি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে অভয়পুৰৰ পৰা বাইপাছ হৈ ৪ নং বাগটা গাঁৱৰ মাজেৰে নি কলিতাকুছি চʼকত সংযোজিত কৰাৰ চলাইছে প্ৰস্তুতি। অভয়পুৰৰ পৰা বাইপাছ হ'বলগীয়া পথচোৱাত মুখ্য অভিযন্তা দেৱজিৎ দাসৰ পত্নী আৰু পৰিয়ালৰ নামত কেইবাবিঘা ভূমি থকাৰো গুৰুতৰ অভিযোগ হিন্দু জাগৰণ মঞ্চৰ। পত্নী আৰু পৰিয়ালৰ নামত থকা ভূমিখিনিত মুখ্য অভিযন্তা দেৱজিৎ দাসে লাভ কৰিব বৃহৎ পৰিমাণৰ ধন। যাৰ বাবে প্ৰস্তাৱিত পথচোৱা অভয়পুৰ হৈ কলিতকাকুছি লৈ বাইপাছ কৰাৰ বাবে উঠি পৰি লাগিছে মুখ্য অভিযন্তা গৰাকীয়ে। আনহাতে হাজোৰ ৰাইজৰ আবেগিক জলাঞ্জলি দি ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ যোৱা উপপথ স্পৰ্শ নকৰাকৈ প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ঘাইপথ চোৱা নিৰ্মাণ কৰিব খোজা কাৰ্যক গৰিহণা দিয়ে উত্তৰ কামৰূপ জিলা হিন্দু জাগৰণ মঞ্চৰ লগতে সনাতনী জাগ্ৰত প্ৰহৰীয়ে।