পৌৰপতি দিপশিখা বৰাৰ বিৰুদ্ধে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ

বিজেপি নেতৃত্বাধীন বিহপুৰীয়া পৌৰসভাৰ পৌৰপতি দিপশিখা বৰাৰ বিৰুদ্ধে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে। দুৰ্নীতিগ্ৰস্ত বিহপুৰীয়া পৌৰসভাৰ পৌৰপতি দীপশিখা বৰাৰ বিৰুদ্ধে বিহপুৰীয়া থানাত এজাহাৰ দাখিল কৰে অসম দুৰ্নীতি বিৰোধী মঞ্চ, আৰটিআই কৰ্মী সংস্থাই ৷

author-image
Asomiya Pratidin
New Update
কোটি কোটি টকা লুণ্ঠনৰ  অভিযোগ

কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ

ডিজিটেল সংবাদ, বিহপুৰীয়া: বিজেপি নেতৃত্বাধীন বিহপুৰীয়া পৌৰসভাৰ পৌৰপতি দিপশিখা বৰাৰ বিৰুদ্ধে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে। দুৰ্নীতিগ্ৰস্ত বিহপুৰীয়া পৌৰসভাৰ পৌৰপতি দীপশিখা বৰাৰ বিৰুদ্ধে বিহপুৰীয়া থানাত এজাহাৰ দাখিল কৰে অসম দুৰ্নীতি বিৰোধী মঞ্চ, আৰটিআই কৰ্মী সংস্থাই ৷ পৌৰপতি দীপশিখা বৰাৰ নেতৃত্বতে বিহপুৰীয়া পৌৰসভাত সংঘটিত হৈ থকা দুৰ্নীতি-অনিয়মৰ তদন্তৰ দাবীত সংগঠনটোৱে পৌৰপতি গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।সংগঠনটোৰ সাধাৰণ সম্পাদক বিজয় কুটুমৰ নেতৃত্বত সংগঠনটোৰ এটা দলে বিহপুৰীয়া থানাত উপস্থিত হৈ পৌৰপতি গৰাকীৰ বিৰুদ্ধে আৰটিআইৰ দ্বাৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত এখন এজাহাৰ দাখিল কৰে । 

Advertisment

এজাহাৰ দাখিলৰ পিছতে সংগঠনটোৰ নেতৃত্বই বিহপুৰীয়া প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি পৌৰপতি গৰাকীয়ে বিগত সময়চোৱাত ১৩ কোটি টকাৰ আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ তথ্য ফাদিল কৰে। পৌৰসভাৰ অধীনত পানী যোগান, ক্লক টাৱাৰ, চ’লাৰ লাইট আদি কেইবাখনো আঁচনিৰ নামত পৌৰপতি গৰাকীয়ে কেইবাকোটি টকা আত্মসাৎ কৰাৰো তথ্যসহ অভিযোগ উত্থাপন কৰে আৰটিআই কৰ্মী সংস্থাই । পৌৰপতি গৰাকীয়ে ঠিকাদাৰৰ পৰা তেওঁৰ স্বামীৰ একাউণ্টৰ জড়িয়তে আগতিয়াকৈ লাখ লাখ টকা কমিচন লোৱাৰো গুৰুত্বৰ অভিযোগ তোলে সংস্থাটোৱে ৷ 

আনহাতে পৌৰসভাৰ বাহনো ব্যক্তিগত কামত ব্যৱহাৰৰ অভিযোগ পৌৰপতিৰ বিৰুদ্ধে ৷ উল্লেখযোগ্য যে, পৌৰসভাৰ অধিকাংশ ৱাৰ্ড কমিচনাৰক গুৰুত্বহীন কৰি একনায়কত্ববাদী শাসন চলোৱা পৌৰপতি গৰাকীৰ বিৰুদ্ধে পূৰ্বেও সম্প্ৰচাৰ হৈছিল বাতৰি ৷ মুখ্যমন্ত্ৰী,অশোক সিংহল আৰু বিধায়ক অমিয় ভূঞাৰ ঘনিষ্ঠ মানুহ বুলি পৰিচয় দি বিহপুৰীয়া পৌৰ সভাত লুন্ঠনৰ পোহাৰ মেলা দিপশিখাৰ বিৰুদ্ধে উপসভানেত্ৰী প্ৰমুখ্যে একাংশ ৱাৰ্ড সদস্যই অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও বিজেপি দল তথা চৰকাৰৰ আশীৰ্বাদতে আজিও পৌৰপতিৰ আসন দখল কৰি আছে। সংবাদমেলত অসম দুৰ্নীতি বিৰোধী মঞ্চ, আৰটিআই কৰ্মী সংস্থাৰ সাধাৰণ সম্পাদক বিজয় কুটুমৰ লগতে পাপু বৰুৱা আৰু নোমল চেতিয়াই অংশগ্ৰহণ কৰে ৷ 

পৌৰপতি পৌৰসভা বিহপুৰীয়া