Advertisment

ধুবুৰী জিলা সমিতিৰ উদ্যোগত সৰ্বাত্মক অসহযোগ কাৰ্যসূচী

অসম চৰকাৰে নীতি বহিৰ্ভূতভাৱে জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক আন্তঃ জিলা বদলি কৰা কাৰ্য আৰু বঞ্চনাৰ প্ৰতিবাদত বুধবাৰে ধুবুৰী জিলাত ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ  কৰ্মচাৰীসকলে সৰ্বাত্মক অসহযোগ কাৰ্যসূচী পালন কৰে

author-image
Asomiya Pratidin
New Update
ধুবুৰী জিলা সমিতিৰ উদ্যোগত সৰ্বাত্মক অসহযোগ কাৰ্যসূচী

ধুবুৰী জিলা সমিতিৰ উদ্যোগত সৰ্বাত্মক অসহযোগ কাৰ্যসূচী

ডিজিটেল সংবাদ, ধুবুৰী : অসম চৰকাৰে নীতি বহিৰ্ভূতভাৱে জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক আন্তঃ জিলা বদলি কৰা কাৰ্য আৰু বঞ্চনাৰ প্ৰতিবাদত বুধবাৰে ধুবুৰী জিলাত ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ  কৰ্মচাৰীসকলে সৰ্বাত্মক অসহযোগ কাৰ্যসূচী পালন কৰে । জিলা জ্যেষ্ঠ প্ৰশাসনিক বিষয়া গৌতম ভূঞাক মাজুলীৰ পৰা যোৰহাটলৈ বদলি কৰাৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলা আয়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰীসকলে এই অসহযোগ কাৰ্য্যসূচী পালন কৰে।

Advertisment

চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বতিল নকৰিলে আগন্তুক ২৭ জানুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ সৰ্বাত্মক অসহযোগ আন্দোলনত অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে ধুবুৰী জিলা সমিতিয়ে।

ধুবুৰী