Advertisment

"খচৰা ইউজিচি ৰেগুলেচন ২০২৫"ৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ত আলোচনা চক্ৰ...

অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ উদ্যোগত বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)ৰ দ্বাৰা প্ৰস্তুত কৰা "খচৰা ইউজিচি ৰেগুলেচন ২০২৫"ৰ বিৰুদ্ধে এক সৰ্বভাৰতীয় ৱেবিনাৰ অনুষ্ঠিত কৰা হয় ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল ডেস্কঃ অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ উদ্যোগত বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)ৰ দ্বাৰা প্ৰস্তুত কৰা "খচৰা ইউজিচি ৰেগুলেচন ২০২৫"ৰ বিৰুদ্ধে এক সৰ্বভাৰতীয় ৱেবিনাৰ অনুষ্ঠিত কৰা হয় । এই ৱেবিনাৰত বিভিন্ন বিশিষ্ট শিক্ষাবিদসকলে অংশগ্ৰহণ কৰি নতুন নিয়মাৱলীৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে।

Advertisment

IISER কলকাতাৰ অধ্যাপক ডা: সৌমিত্ৰ বানাৰ্জীৰ পৰিচালনাত অনুষ্ঠিত এই ৱেবিনাৰত বক্তব্য ৰাখে মধ্যপ্ৰদেশৰ জিৱাজি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ প্ৰকাশ সিং বিসেন, কৰ্ণাটকৰ কন্নড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ এ মৰিগেপ্পা, কলিকতা বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ প্ৰাক্তন অধ্যাপক ড০ ধ্ৰুৱজ্যোতি মুখোপাধ্যায়, জে এন ইউৰ প্ৰাক্তন অধ্যাপক ড০ আৰ মহালক্ষ্মী , উৎকল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ নায়ক আৰু অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ সাধাৰণ সম্পাদক অধ্যাপক ড০ তৰুণ কান্তি নস্কৰে।

শনিবাৰে অনুষ্ঠিত ৱেবিনাৰত বক্তা সকলে কয় যে, এই নিয়মাৱলীৰ জৰিয়তে উচ্চ শিক্ষা প্ৰতিষ্ঠানবোৰৰ স্বাধীনতা খৰ্ব কৰা হৈছে। ইয়াৰ দ্বাৰা শিক্ষাৰ মান নিম্নগামী হ'ব আৰু গণতান্ত্ৰিক নীতিৰ অৱসান ঘটিব বুলি সতৰ্ক কৰা হয়। তেওঁলোকে কয় যে, এই নিয়মাৱলীৰ দ্বাৰা ৰাজ্য চৰকাৰ আৰু বিশ্ববিদ্যালয়বোৰৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ যাব, যাৰ ফলত শিক্ষাৰ ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণ হ'ব।

নতুন নিয়মাৱলী অনুসৰি, কোনো এটা বিষয়ত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী নথকাকৈয়ো সেই বিষয়ৰ শিক্ষক হ'ব পৰা যাব। ইয়াৰোপৰি, শিল্পক্ষেত্ৰৰ অভিজ্ঞতা বা পেশাদাৰী অৰ্হতাৰ ভিত্তিত "প্ৰফেচৰ অৱ প্ৰেক্টিচ" হিচাপে নিয়োগৰ ব্যৱস্থা কৰা হৈছে। বক্তা সকলে কয় যে, ইয়াৰ ফলত শিক্ষাৰ গুণগত মান হ্ৰাস পাব আৰু সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষা লাভ কৰাটো কঠিন হৈ পৰিব।

উপাচাৰ্য্য নিয়োগৰ ক্ষেত্ৰতো নতুন নিয়মাৱলীত চৰকাৰৰ প্ৰভাৱ বৃদ্ধি কৰা হৈছে। তিনিজনীয়া নিয়োগ সমিতিৰ দুজন সদস্য চৰকাৰে নিযুক্তি দিয়া ব্যক্তি হ'ব, যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে উপাচাৰ্য্য নিয়োগত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰিব।

ৱেবিনাৰত অংশগ্ৰহণকাৰীসকলে কয় যে, এই নিয়মাৱলী ২০২০ চনৰ জাতীয় শিক্ষানীতিৰ পৰিপূৰক হিচাপে প্ৰস্তুত কৰা হৈছে, যাৰ দ্বাৰা শিক্ষাৰ ব্যক্তিগতকৰণ, বাণিজ্যিকীকৰণ আৰু কেন্দ্ৰীয়কৰণৰ পথ সুগম কৰা হৈছে। ইয়াৰ ফলত ধৰ্মনিৰপেক্ষ, বিজ্ঞানভিত্তিক আৰু গণতান্ত্ৰিক শিক্ষাৰ ভেটি ধ্বংস হ'ব বুলি তেওঁলোকে আশংকা কৰে।

শেষত, বক্তা সকলে কয় যে, শিক্ষাৰ স্বাৰ্থত ইউজিচি ৰেগুলেচন ২০২৫ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক বাধ্য কৰিবলৈ এক শক্তিশালী শিক্ষা আন্দোলন গঢ়ি তোলাৰ প্ৰয়োজন।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ