Advertisment

যন্তৰ- মন্তৰত অল ইণ্ডিয়া চেভ এডুকেচন কমিটিৰ সৰ্বভাৰতীয় প্রতিবাদী বিক্ষোভ কাৰ্যসূচী

অল ইণ্ডিয়া চেভ এডুকেচন কমিটিয়ে জাতীয় শিক্ষানীতি ২০২০ৰ কাৰ্য্যকৰীকৰণৰ বিৰুদ্ধে দেশজোৰা ব্যাপক আন্দোলন সংগঠিত কৰি আহিছে। তাৰে এক গুৰুত্বপূর্ণ অংশ হিচাপে জাতীয় শিক্ষানীতি ২০২০ তাৎক্ষণিকভাৱে বাতিল কৰাৰ দাবীত...

author-image
Asomiya Pratidin
New Update
education

ডিজিটেল ডেস্ক : অল ইণ্ডিয়া চেভ এডুকেচন কমিটিয়ে জাতীয় শিক্ষানীতি ২০২০ৰ কাৰ্য্যকৰীকৰণৰ বিৰুদ্ধে দেশজোৰা ব্যাপক আন্দোলন সংগঠিত কৰি আহিছে। তাৰে এক গুৰুত্বপূর্ণ অংশ হিচাপে জাতীয় শিক্ষানীতি ২০২০ তাৎক্ষণিকভাৱে বাতিল কৰাৰ দাবীত অহা ৩ ডিচেম্বৰ পুৱা ১০-০০ বজাৰ পৰা নতুন দিল্লীৰ যন্তৰ-মন্তৰত সৰ্বভাৰতীয় বিক্ষোভ তথা ধর্ণা কার্যসূচী অনুষ্ঠিত কৰিবলৈ দিহা কৰিছে। 

Advertisment

বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি সংগঠনটোৱে কেন্দ্রীয় শিক্ষামন্ত্রীৰ লগত সাক্ষাৎ কৰি এখন স্মাৰকপত্র প্রদান কৰিব। দেশৰ খ্যাতিসম্পন্ন শিক্ষাবিদ, বুৰঞ্জীবিদ, বুদ্ধিজীৱী, প্রখ্যাত বিজ্ঞানী আৰু জ্যেষ্ঠ সাংবাদিক জে, এন, ইউ, দিল্লী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয় প্রমুখ্যে দেশৰ খ্যাতিসম্পন্ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আৰু কৰ্মৰত অধ্যাপক আৰু উপাচার্য্যসকল এই সমাবেশত উপস্থিত থাকিব। 

তাৰ ভিতৰত উল্লেখনীয় কেইজন হৈছে- অধ্যাপক অৰুণ কুমাৰ, অধ্যাপক সচ্চিদানন্দ সিনহা, অধ্যাপক নন্দিতা নাৰায়ন, প্রাক্তন উপাচার্য্য এল জৱাহৰ নেচন, চন্দ্রশেখৰ চক্রৱর্তী, খোৱাজা সাহিদ, প্রাক্তন অধ্যক্ষ ঘনশ্যাম নাথ, সংগঠনটোৰ সাধাৰণ সম্পাদক ড০ তৰুণ কান্তি নস্কৰ।

উল্লেখনীয় যে বর্তমান দেশৰ শাসকবর্গই অত্যন্ত স্বৈৰাচাৰী আৰু অগণতান্ত্রিকভাৱে সংসদত কোনো অর্থৱহ আলোচনা নোহোৱাকৈ একমাত্র ক'ৰপোৰেট গোষ্ঠীৰ স্বাৰ্থত ৰচিত শিক্ষা বিধ্বংসী জাতীয় শিক্ষানীতি ২০২০ প্রণয়ন কৰি অতি খৰখেদাকৈ ইয়াক কাৰ্য্যকৰী কৰিবলৈ লৈছে। জাতীয় শিক্ষানীতিৰ যোগেদি শিক্ষা ব্যৱস্থাৰ স্বাধিকাৰ খৰ্ব কৰি সম্পূৰ্ণ কেন্দ্রীয়কৰণৰ ব্যৱস্থা কৰা হৈছে। 

ভাৰতীয় জ্ঞান ব্যৱস্থাৰ নামত সাম্প্রদায়িক ভাবনা ধাৰণাৰ জন্ম দি মানুহৰ মাজত ঐক্য বিনষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে আৰু শিক্ষাৰ সম্পূর্ণ বাণিজ্যিকিকৰণৰ দ্বাৰা সাধাৰণ ঘৰৰ লৰা-ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লোৱা হৈছে বুলি বিজ্ঞপ্তিত উল্লেখ কৰে। এনে পৰিস্থিতিত সংগঠনটোৱে "ৰাইজৰ বিকল্প শিক্ষানীতি ২০২৪" প্রস্তুত কৰিব উলিয়াইছে, যিখন বিক্ষোভ স্থলীৰ পৰা এটা সঁজাতি দল কেন্দ্রীয় শিক্ষামন্ত্রীৰ লগত সাক্ষাৎ কৰি প্ৰদান কৰিব।

সংগঠনটোৱে শিক্ষা-সংস্কৃতি আৰু সভ্যতা ৰক্ষা কৰাৰ স্বাৰ্থত ৰাজহুৱা শিক্ষা ব্যবস্থা অক্ষুন্ন ৰাখিবলৈ এই আন্দোলন চলাই আছে। এই ঐতিহাসিক বিক্ষোভ সমাৱেশ সফল কৰাৰ বাবে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ দেশৰ সকলো শিক্ষানুৰাগী ৰাইজৰ প্রতি বিনম্র অনুৰোধ জনাইছে।

new delhi education