"হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিয়েই মাত মাতে তেওঁকেই জে'লত ভৰাই দিয়ে"

"হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিয়েই মাত মাতে বা লিখে তেওঁকেই জে'লত ভৰাই দিয়ে"---এই মন্তব্য এআইচিচি (All india congress committee) ৰ সম্পাদক মনোজ চৌহানৰ।

author-image
Asomiya Pratidin
New Update
এআইচিচিৰ সম্পাদকৰ বিস্ফোৰক মন্তব্য

এআইচিচিৰ সম্পাদকৰ বিস্ফোৰক মন্তব্য

ডিজিটেল সংবাদ, খেৰণি: "হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিয়েই মাত মাতে বা লিখে তেওঁকেই জে'লত ভৰাই দিয়ে"---এই মন্তব্য এআইচিচি (All india congress committee) ৰ সম্পাদক মনোজ চৌহানৰ। উল্লেখযোগ্য যে সমাগত ২৬ ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু কংগ্ৰেছৰ শক্তি বৃদ্ধিৰ উদ্দেশ্যেৰে ডংকামোকামত অনুষ্ঠিত হোৱা এখন কংগ্ৰেছৰ দলীয় সভাত অংশ লৈ এই মন্তব্য কৰিলে মনোজ চৌহানে।

Advertisment

"দেশ তথা অসমত আইন শৃংখলাৰ অৱস্থা একেবাৰে বেয়া হোৱাৰ বিপৰীতে সংবিধানৰ মূল্যবোধ নোহোৱা কৰিছে শাসকীয় দলে" বুলিও মন্তব্য কৰে চৌহানে। অনুষ্ঠিত সভাত এআইচিচিৰ সম্পাদক মনোজ চৌহানৰ লগতে এপিচিচিৰ সম্পাদক গণকান্ত চেতিয়া, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ দায়িত্বত থকা সভানেত্ৰী এলিচ ইংতিপি, জিলা যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টীন ইংহি, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুনম তিমুংপি আৰু কেবা শতাধিক দলীয় কৰ্মকৰ্তা উপিস্থিত থাকে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা congress All India Congress Committee