/asomiyapratidin/media/media_files/2025/04/02/SDTqZajGVAGByIB3RCX2.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উদযাপন কৰা হয় সদৌ অসম মহিলা সাংবাদিক সন্থাৰ ২২সংখ্যক প্ৰতিষ্ঠা দিৱস । অসমৰ মহিলা সাংবাদিক আৰু সংবাদকৰ্মীসকলক লৈ গঠিত "সদৌ অসম মহিলা সাংবাদিক সন্থা"ই, ২০২৫ বৰ্ষত ২২ টা বছৰ অতিক্ৰম কৰিলে।
অসমৰ সংবাদ ক্ষেত্ৰখনত মহিলা সাংবাদিক আৰু সংবাদকৰ্মী হিচাপে জড়িত থাকি কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ, সমাজত সময়ে সময়ে দেখা দিয়া জ্বলন্ত সমস্যাৰ বিষয়ে বিতং তথ্যৰ যোগান, সংবাদ মাধ্যমৰ জৰিয়তে মুকলিকৈ প্ৰচাৰ আৰু প্ৰকাশ কৰাৰ ক্ষেত্ৰত অসমৰ মহিলা সাংবাদিকসকলে নিৰ্ভীকতাৰে অতন্দ্ৰ প্ৰহৰী হৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে ।
সেয়েহে, অসমৰ সংবাদ মাধ্যমৰ মহিলা সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ মাজত একতাৰ এনাজৰীডাল আৰু অধিক সক্ৰিয় তথা অটুট কৰি ৰখাৰ উদ্দেশ্যৰে এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ সভাপতি পৰিণীতা হাজৰিকাই। বন্তি প্ৰজ্বলন কৰে সম্পাদক মাইনু খনিকৰে। ২২ গৰাকী জ্যেষ্ঠ মহিলা সাংবাদিকৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰাৰ পাছতে উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ সম্পাদক মাইনু খনিকৰে।
পৰিণীতা হাজৰিকাই সভাপতিত্ব কৰা সভাত সদস্যসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভণী কৰা হয়। ইয়াৰ পাছতেই সাংবাদিক ৰশ্মিৰেখা সাউদ কলিতাৰ গল্পসংকলন "অগস্ত্যমুনি এইবাটে অহা হ'লে" উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক মনমৰমী মহন্তই বহুমূলীয়া বক্তব্য আগবঢ়াই সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ কাৰ্যকলাপৰ শলাগ লয়।
উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদিক বঁটা আফ্ৰিদা হুছেইন, গীতালি মহন্তক প্ৰদান কৰা হয়। নাহৰকটীয়াৰ মমী চাংমাইলৈ উদ্যমী কৃষক বঁটা আগবঢ়োৱা হয়। ইয়াৰোপৰি "বিশেষ সম্বৰ্ধনা বঁটা " ২২ গৰাকী মহিলা সাংবাদিকক প্ৰদান কৰাৰ লগতে ৯ গৰাকী মহিলা সাংবাদিকক" দক্ষ সাংবাদিক বঁটা" আৰু ১৩ গৰাকী মহিলা সাংবাদিকলৈ আগবঢ়োৱা হয় সাংবাদিকতা স্বীকৃতি স্বৰূপ প্ৰশংসা বঁটা ২০২৫।
বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক মনমৰমী মহন্ত, বিশিষ্ট কবি -গীতিকাৰ সাহিত্যিক পাৰিজাত বৰুৱা। প্ৰতিষ্ঠা দিৱসত উপস্থিত থকা প্ৰতি গৰাকী মহিলা সাংবাদিকক মানপত্ৰ প্ৰদানেৰে অভিনন্দন জ্ঞাপন কৰি অনুষ্ঠানৰ সফল সমাপ্তি ঘটে।