সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাংগঠনিক অভিযানৰ শুভাৰম্ভ...

author-image
Asomiya Pratidin
New Update
সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাংগঠনিক অভিযানৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ বেবেজীয়াঃ সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস তথা পূৰ্ণাংগ অধিৱেশন ২০২৩ বৰ্ষৰ ২৭ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব। সেই উপলক্ষে এই অধিৱেশনৰ আদৰণি সমিতিৰ কৰ্ণধাৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি সন্থাৰ সভাকক্ষত অনুষ্ঠিত হয় ৷

Advertisment

পুৱা ১১ বজাত আৰম্ভ হোবা সভাখনিত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰেমেশ্বৰ দাসে ৷ আগন্তুক সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ পূৰ্ণাংগ অধিবেশনৰ বিষয়ে আজিৰ এই কৰ্ণধাৰ সমিতিৰ সভাত বিষদভাৱে আলোচনা কৰা হয়৷

আনহাতে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ পূৰ্ণাংগ অধিৱেশন উপলক্ষে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে পুথিভঁৰাল আন্দোলনক অধিকগতিশীল কৰাৰ বাবে জনমত সৃষ্টি কৰাৰ উদ্দেশ্যৰে আজিৰ পৰা আৰম্ভ কৰিছে ৰাজ্যজুৰি সাংগঠনিক অভিযান৷ এই সাংগঠনিক অভিযানৰ শুভাৰাম্ভ কৰে সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই ৷

সাংগঠনিক অভিযান শুভাৰম্ভ অনুষ্ঠানত তেওঁ কয় যে, “সম্প্ৰতি ৰাজ্যখনত অপসংস্কৃতিৰ অশুভ পৰম্পৰা আদিয়ে গা কৰি উঠিছে ৷ এই অপসংস্কৃতিসমূহক ৰাইজেই প্ৰতিৰোধ কৰিব লাগিব ৷ আমাৰ সমাজত ৰঘুমলাৰ দৰে চানি ধৰা অপসংস্কৃতি অশুভ পৰম্পৰা বোৰক চৰকাৰ বা প্ৰশাসনলৈ বাট নাচায় পুথিভঁৰাল সন্থাৰ দৰে স্বেচ্ছাসেৱী সন্থাসমূহে নিৰ্মূল কৰিব লাগিব ৷ নগাঁৱৰ পৰা আৰম্ভ হোৱা এই সাংগঠনিক অভিযান অহা ২৭ অক্টোবৰৰ পৰা কলিয়াবৰ, বোকাখাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় হৈ উজনি অসমৰ তিনিচুকীয়াত সামৰনি পৰাৰ বিপৰীতে নামনি অসমত এই সাংগঠনিক অভিযান আৰম্ভ হ'ব নৱেম্বৰত ৷

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেব শৰ্মাই আতঁধৰা সভাখনিত লেখিকা ড° থুনু কলিতা, ড°ৰৌজলিন জাহান,শিক্ষাবিদ ফজলুল হক মৰল, ভূপেন নাথ,কলংপাৰ কাকতৰ সম্পাদক ভৱেন বৰা,সন্থাৰ সহকাৰী সম্পাদক খগেন নাথ,বিশিষ্ট ক্ৰীড়া সংগঠক শশীন্দ্ৰ দেৱ মহন্ত,শিক্ষাবিদ ভাৰত চন্দ্ৰ নাথ,শিল্পী অনিমা শৰ্মা বৰুৱা,জ্যেষ্ঠ সাংবাদিক ক্ৰমে কনক হাজৰিকা,দেৱজিৎ হাজৰিকা,দ্বীপেন শইকীয়া,সন্থাৰ কৰ্মী ধেনুৰাম নাথকে বিভিন্ন বিষয়ববীয়া সকল উপস্থিত থাকে ৷

assam nagaon