/asomiyapratidin/media/media_files/2025/03/06/rZyiCFQyRfA09W7MTNvr.jpg)
শিৱসাগৰত সদৌ অসম পাঞ্জা প্ৰতিযোগিতাৰ আয়োজন
ডিজিটেল সংবাদ, শিৱসাগৰ : পঞ্চম সংখ্যাক সদৌ অসম আন্ত জিলা পাঞ্জা প্ৰতিযোগিতাখনি অহা ১৮, ১৯ আৰু ২০ মাৰ্চত শিৱসাগৰ জিলাৰ জয়সাগৰ অঞ্চলত অনুষ্ঠিত হ'ব- এই কথা প্ৰকাশ কৰে কুশল দুৱৰীয়ে। উল্লেখযোগ্য যে শিৱসাগৰ চহৰৰ হোটেল ক্ৰেমলিনত অনুষ্ঠিত হোৱা এখন সংবাদমেলৰ জৰিয়তে উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক দুৱৰীয়ে অংশ লৈ উক্ত কথা জানিবলৈ দিয়ে ।
এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৩০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব। পুৰুষ আৰু মহিলাৰ উভয় শাখাতে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনি ৫৫ টা বিভিন্ন শাখাত ওজনৰ ভিত্তিত অনুষ্ঠিত হ'ব।
তাৰোপৰি সদৌ অসম আন্তঃ জিলা পাঞ্জা প্ৰতিযোগিতাখন জয়সাগৰৰ জোনাকী নগৰৰ টেম্পল টাউন ইউৰো স্কুলত অনুষ্ঠিত হ'ব বুলি জনায়। কাৰ্যসূচী অনুসৰি অহা ১৮ মাৰ্চৰ বিয়লি তিনি বজাত খেলুৱৈ শিবিৰ মুকলি কৰাৰ পাছত পুৱা খেলুৱৈসকলৰ মাৰ্চ পাষ্ট হ'ব।
সংবাদমেলত ভাৰতীয় পাঞ্জা সুৰক্ষা সন্থাৰ উপ-সভাপতি অনুপ ৰাজকোঁৱৰে কয় যে, জিলা পৰ্যায়ত স্থানপ্ৰাপ্তসকলক ৰাজ্যিক প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হয়। ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাখনি অহা ২৪ ২৫ মে'ত কৰ্ণাটকত অনুষ্ঠিত হ'ব ।
উদযাপন সমিতিয়ে প্ৰতিযোগিতাখনি সাফল্য মণ্ডিত কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰে। সংবাদমেলত অসম পাঞ্জা ক্ৰীড়া সন্থাৰ সম্পাদক দিগন্ত গগৈ ৰাজ্যিক কাৰিকৰী সঞ্চালক পুৰন্দৰ গগৈ জিলা সভাপতি তুতু ফুকন জিলা সম্পাদক বিৰূপ আৰন্ধৰা যুটীয়া সম্পাদক ৰাজীৱ বৰকাকতী, দেৱ জ্যোতি গগৈ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিকাশ বৰগোহাঁই , দিগন্ত দুৱাৰা আৰু প্ৰচাৰ সম্পাদক পুৰুষোত্তম কলিতা উপস্থিত থাকে।