জামুগুৰিত ২০ ছেপ্টেম্বৰত হ'বলগীয়া কেন্দ্ৰীয় ছহিদ দিৱস আৰু ছহিদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন স্থগিত...

দেশমাতৃৰ হকে প্রাণ আহুতি দি ৪২ ৰ গণ আন্দোলনৰ ছহিদ হৈছিল মনবৰ নাথ

author-image
Asomiya Pratidin
New Update
জামুগুৰিত ২০ ছেপ্টেম্বৰত হ'বলগীয়া  কেন্দ্ৰীয় ছহিদ দিৱস আৰু ছহিদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন স্থগিত...

All Assam Nath-yugi student union

ডিজিটেল সংবাদ ,বেবেজীয়াঃ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকীয়াজুলি থানাত ইংৰাজৰ গুলীত দেশমাতৃৰ হকে প্রাণ আহুতি দি ৪২ ৰ গণ আন্দোলনৰ ছহিদ হৈছিল মনবৰ নাথ । পৰিতাপৰ বিষয় স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো এই গৰাকী বীৰ ছহিদে যি ভাৱে ৰাষ্ট্ৰীয় মৰ্যদা পাব লাগিছিল সেই মৰ্যদা লাভ কৰা পৰিলক্ষিত হোৱা নাই ।

বর্তমান বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ বৰ অসমৰ প্ৰাচীন জনগোষ্ঠী নাথ-যোগী সমাজৰ নৱ প্ৰজন্মৰ সামগ্রিক বিকাশ আৰু উত্তৰণৰ অন্যতম সংগঠন সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ বিশেষ উদ্যোগত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ একান্ত পৃষ্ঠপোষকতাত,মন্ত্ৰী পীযুষ হাজৰিকাৰ তত্বাৱধানত,নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত , জিলা নাথ-যোগী ছাত্ৰ সন্থা আৰু বৃহত্তৰ জামুগুৰি অঞ্চলৰ ৰাইজৰ সহযোগত বেবেজীয়া জামুগুৰি ন - মাটি গড়কাপ্তানি পথ ( ছহিদ মনবৰ নাথ পথ )ৰ দাঁতিত মনবৰ নাথৰ এটি পূর্ণাঙ্গ প্রতিমূৰ্ত্তি নিৰ্মাণৰ কাম পূৰ্ণ গতীত চলি আছে আৰু প্রায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে ।

সদৌ অসম নাথ - যোগী ছাত্ৰ সন্থাই প্রতি বছৰে ২০ ছেপ্তেম্বৰ দিনটো ৪২ ৰ ভাৰত ত্যাগ আন্দোলনত ঢেকীয়াজুলিত ইংৰাজৰ গুলীত প্রাণ আহুতি দিয়া ছহিদ সকলৰ লগতে অসমৰ প্ৰতিগৰাকী ছহিদৰ পবিত্ৰ স্মৃতিত "কেন্দ্ৰীয় ছহিদ দিৱস" হিচাবে উদযাপন কৰি আহিছে ।

এইবাৰ নাথ - যোগী ছাত্ৰ সন্থাই,নগাঁও জিলা সমিতিৰ উদ্যোগত জাতি- বর্ণ নির্বিশেষে ৰাইজৰ সহযোগত, মনবৰ নাথৰ জন্মস্থান নগাঁও জামুগুৰিত অহা ২০ ছেপ্টেম্বৰত ছহিদ দিৱস উদযাপন কৰিবলৈ স্থিৰ কৰি ছহিদ জনাৰ পূৰ্নাঙ্গ মূৰ্ত্তিভাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা উন্মোচনৰ দিহা কৰা হৈছিল যদিও, মুখ্যমন্ত্ৰীগৰাকীৰ সময়সূচীৰ সালসলনি হোৱা হেতুকে তেও উপস্থিত থাকিব নোৱাৰাৰ বাবে প্ৰতিমুৰ্ত্তি উন্মোচনৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰা বুলি সদৌ অসম নাথ- যোগী ছাত্ৰ সন্থা আৰু উদ্যোক্তাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

নাথ- যোগী ছাত্ৰ সন্থাৰ নেতৃবৃন্দই সংবাদ মাধ্যমৰ আগত কয় যে ছহিদ মনবৰ নাথৰ পূৰ্ণাঙ্গ মুৰ্তি উন্মোচনৰ পৰৱৰ্ত্তি তাৰিখ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি প্ৰকাশ কৰা হ'ব। উল্লেখ্য যে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছহিদ দিৱস গোৱালপাৰাত অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে।

nagaon