Advertisment

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অধিবেশনৰ লাইখুঁটা স্থাপন

কলংপাৰত বসতি কৰা নাথ যোগীসকলৰ ইতিহাস প্ৰসিদ্ধ দীঘলদৰিত ছহিদ মনবৰ নাথ ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱৰ উপলক্ষে বৃহস্পতিবাৰে হৰিনামৰ ধ্বনিৰে লাইখুটা স্থাপন কৰা হয়। 

author-image
Asomiya Pratidin
New Update
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অধিবেশনৰ লাইখুঁটা স্থাপন

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অধিবেশনৰ লাইখুঁটা স্থাপন

ডিজিটেল সংবাদ, বেবেজীয়া : অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ দীঘলদৰিত অনুষ্ঠিত হ'ব নাথ-যোগী যুৱ মহোৎসৱ আৰু সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন। কলংপাৰত বসতি কৰা নাথ যোগীসকলৰ ইতিহাস প্ৰসিদ্ধ দীঘলদৰিত ছহিদ মনবৰ নাথ ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱৰ উপলক্ষে বৃহস্পতিবাৰে হৰিনামৰ ধ্বনিৰে লাইখুটা স্থাপন কৰা হয়। 

Advertisment
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অধিবেশনৰ লাইখুঁটা স্থাপন
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অধিবেশনৰ লাইখুঁটা স্থাপন

 

লাইখুটা স্থাপন কৰে নগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথ আৰু কণ্ঠশিল্পী গৌৰাংগ নাথে। এই নাথ-যোগী যুৱ মহোৎসৱত নাথ-যোগীৰ কৃষ্টি-সংস্কৃতি জিলাই তোলা হ'ব বুলি মন্তব্য কৰে সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে।  ইপিনে চৰকাৰে নাথ-যোগী সম্প্ৰদায়ক বঞ্চনা কৰি অহা বুলি অভিযোগ তোলে সাধাৰণ সম্পাদকগৰাকীয়ে। 

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অধিবেশনৰ লাইখুঁটা স্থাপন
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অধিবেশনৰ লাইখুঁটা স্থাপন

 

তেওঁ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগেয়ে নাথ-যোগী সম্প্ৰদায়ৰ বিভিন্ন দাবী তথা প্ৰাপ্য অধিকাৰ দিবলৈ চৰকাৰক দাবী জনায়। অন্যথা এই অধিবেশনতে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিব বুলি সদৰী কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে। 

উল্লেখযোগ্য যে এই নাথ-যোগী যুৱ মহোৎসৱ আৰু সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ বাৰ্ষিক সাধাৰণ অধিবেশনৰ লগতে নগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনো অনুষ্ঠিত হ'ব।

Bebejia