Advertisment

সদৌ অসম মাষ্টাৰ্ছ গেমছ চেম্পিয়নশ্বিপ : নদুৱাৰৰ ২২ খেলুৱৈৰ পদক অৰ্জন...

দলটিয়ে ১৩ টা সোণ, ১০টা ৰূপ আৰু ৭ টা ব্ৰঞ্জ পদক লাভ কৰে। হেমন্ত বৰগোহাঁইয়ে ২ টা, পুৰ্ণসিং বড়োৱে ২ টা,বীণা কটকীয়ে ৩টা, দেৱযানী গোহাঁই শইকীয়াই ২ টা, হিমাদ্ৰী দাস ,ৰীতা দে, জয়া দাস কলিতা ,হিৰুমণি বৰকটকীয়ে এটিকৈ সোণৰ পদক লাভ কৰে

author-image
Asomiya Pratidin
New Update
সদৌ অসম মাষ্টাৰ্ছ গেমছ চেম্পিয়নশ্বিপ

সদৌ অসম মাষ্টাৰ্ছ গেমছ চেম্পিয়নশ্বিপ

ডিজিটেল সংবাদ, তেজপুৰ : শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত ক্ৰীড়া সন্থাৰ খেলপথাৰত ২৮ ৰ পৰা ৩০ জানুৱাৰীলৈ ৩দিনীয়াকৈ অনুষ্ঠিত হৈছিল ষষ্ঠ বাৰ্ষিক সদৌ অসম মাষ্টাৰ্ছ গেমছ চেম্পিয়নশ্বিপ ২০২৫। এই প্ৰতিযোগিতাত নদুৱাৰ মাষ্টাৰ্চ গেমছৰ হৈ ২২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। 

Advertisment

এইক্ষেত্ৰত মেনেজাৰ মহেশ বৰকাকতি আৰু প্ৰশিক্ষক ভুপেন বৰদলৈ, দেবেন নাথৰ তত্বাৱধানত যোৱা দলটিয়ে ১৩ টা সোণ, ১০টা ৰূপ আৰু ৭ টা ব্ৰঞ্জ পদক লাভ কৰে। জানিব পৰ মতে হেমন্ত বৰগোহাঁইয়ে ২ টা, পুৰ্ণসিং বড়োৱে ২ টা,বীণা কটকীয়ে ৩টা, দেৱযানী গোহাঁই শইকীয়াই ২ টা, হিমাদ্ৰী দাস ,ৰীতা দে, জয়া দাস কলিতা ,হিৰুমণি বৰকটকীয়ে এটিকৈ সোণৰ পদক লাভ কৰে। 

আনহাতে পল্লৱী ভাগৱতীয়ে ২টা, দেৱযানী,জয়া দাস,অনিমা দাস,মঞ্জু দেৱী,তৃপ্তি দেৱী অৰুন্ধুতী গগৈয়ে এটাকৈ ৰূপৰ পদক পোৱাৰ উপৰি ভূপেন শইকীয়াই ৩ টা, দিলীপ নাথ, ৰীতা দে, হিৰুমণি, পল্লৱী,অনিমা আৰু সাধনা বেজবৰাই এটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনে।

tezpur