ঐতিহাসিক ধোদৰ আলিৰ জৰাজীৰ্ণ অৱস্থা...

১৬ চেপ্তেম্বৰৰ পৰা অনির্দিষ্ট কাললৈ পথ অৱৰোধৰ হুংকাৰ সদৌ অসম মহিলা সমিতিৰ

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক ধোদৰ আলিৰ জৰাজীৰ্ণ অৱস্থা...

Dhodar ali

ডিজিটেল সংবাদ,নামতিঃ শিৱসাগৰ জিলাৰ ঐতিহাসিক ধোদৰ আলিৰ জৰাজীৰ্ণ অংশবোৰ সাত দিনৰ ভিতৰত মেৰামতি কৰিবলৈ দাবী জনাই বৃহস্পতিবাৰে শিৱসাগৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে সদৌ অসম মহিলা সমিতিয়ে। অন্যথা অহা ১৬ চেপ্তেম্বৰৰ পৰা অনির্দিষ্ট কাললৈ পথ অৱৰোধৰ কাৰ্যসূচী হাতত ল'ব সংগঠনটোৱে।

Advertisment

উল্লেখ্য যে, আহোমযুগৰ স্মৃতি বিজড়িত ধোদৰ আলি ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ কমাৰ গাঁৱৰ পৰা আৰম্ভ হৈ গোলাঘাট চহৰৰ মাজেৰে গৈ তিতাবৰ, মৰিয়নী, আমগুৰি, নামতি, নাজিৰা, সোণাৰি আদি অসম- নাগালেণ্ড সীমান্ত হৈ নাহৰকটীয়াত অন্ত পৰিছে । উজনি অসমৰ ব্যৱসায় ক্ষেত্ৰটো গুৰুত্বপূর্ণ ভূমিকা বহন কৰা এই ধোদৰ আলিয়েদি অসম সম্পদ চাহপাত, কয়লা, খনিজ তেলৰ লগতে বহুতো মূল্যবান সামগ্রী সৰবৰাহ কৰাৰ উপৰিও দৈনিক হাজাৰ হাজাৰ গাড়ী-মটৰ, বাইক তথা স্কুল-কলেজৰ ছাত্র-ছাত্রী, ব্যৱসায়ী, চাকৰিয়াল আদি আহ-যাহ কৰে।

ঐতিহ্যমণ্ডিত এই ধোদৰ আলিৰ অৱস্থা এতিয়া তথৈবচ । পথটোৰ বিশেষকৈ নামতি চাৰিআলিৰ মাজমজিয়াৰ পৰা চামগুৰি ৰজা মৈদাম মধ্য ইংৰাজী বিদ্যালয়লৈকে অংশচোৱা অতিকৈ শোচনীয়। যাৰ ফলত সঘনাই সংঘটিত হোৱা পথ দুর্ঘটনাত শতাধিক লোক আহত হোৱাৰ লগতে মৃত্যুক আকোঁৱালি লৈছে। সেয়েহে বছৰ বছৰ ধৰি ৰাইজে যমৰ-যাতনা ভোগা পথটো শোচনীয় অৱস্থাৰ সন্দর্ভত শুকুৰবাৰে সদৌ অসম মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা ইন্দ্ৰানী ৰাজকুমাৰীৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ শিৱসাগৰ জিলা উপায়ুক্তক প্ৰদান কৰে।

ইফালে সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰা মতে আগন্তুক সাত দিনৰ ভিতৰত যদি পুনৰ নিৰ্মাণৰ কাম হাতত নলয় তেন্তে সদৌ অসম মহিলা সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত অহা ১৬ চেপ্তেম্বৰৰ পৰা অনির্দিষ্ট কাললৈ ধোদৰ আলি অবৰোধ কৰিব । উল্লেখযোগ্য যে, সংগঠনটোৰ দাবীৰ প্ৰতি ৰাজ্যৰ গড়কাপ্তানি বিভাগে কেনেধৰণৰ গুৰুত্ব প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

assam govt