সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় মুখপত্ৰ 'নতুন কবিতা'ৰ উন্মোচন...

NATUN KABITA
NATUN KABITA

ডিজিটেল সংবাদ, বেবেজীয়াঃ সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় মুখপত্ৰ নতুন কবিতাৰ চতুৰ্ত্ৰিংশতম সংখ্যাটি দেওবাৰে নগাঁও জিলাৰ খুটিকটীয়াস্থিত ক্ৰান্তিকাল প্ৰকাশনৰ সভাগৃহত উন্মোচন কৰে।

নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰনাথ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰথম পৰ্বত সদৌ অসম কবি সন্মিলনৰ ডিজিটেল মাধ্যমৰ সম্পাদক সদ্যপ্ৰয়াত মদিৰা শইকীয়া ভূঞাৰ স্মৃতিত ১মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ।

কাৰ্যনিৰ্বাহক সভাৰ পাছতেই দ্বিতীয় পৰ্বত নতুন কবিতাৰ উন্মোচন ব্যতিক্ৰমী পৰিবেশৰ মাজত কৰা হয়। নতুন কবিতাৰ সম্পাদক মদাৰজ্যোতিয়ে আঁত ধৰা অনুষ্ঠানত নূপুৰ মোমাইদেউ খ্যাত বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, দুৰ্গেশ্বৰ বৰকটকী, অশোকৰাম ভট্টাচাৰ্য, শশী কেওট, অতুল চন্দ্ৰ কাকতি, নিৰলা শইকীয়া, নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণ, কৰবী শইকীয়া, তুলিকা দেৱী, কবিতা বৰা, হাচিনা মমতাজ, লক্ষ্য জ্যোতি বৰা, ৰূপম নাথ, গোলাপ ৰাজখোৱা, আৰতি মেধি, ৰমাকান্ত শৰ্মা, খৰ্গেশ্বৰ বৰা, মুকুল চন্দ্ৰ বৰা, স্মিতা দেৱী,দিগন্ত ভাগৱতী, চোহন বৰঠাকুৰ প্ৰমুখ্যে সভাত উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়ে হাতত নতুন কবিতা লৈ উন্মোচন কৰে।

উল্লেখ্য যে নতুন কবিতাৰ পৰৱৰ্তী সংখ্যা ৭,৮ আৰু ৯ অক্টোবৰত অনুষ্ঠিতব্য সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অধিৱেশনত উন্মোচন হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in