/asomiyapratidin/media/media_files/2025/07/11/nps-2025-07-11-10-00-52.jpg)
ডিজিটেল সংবাদ বাক্সাঃ বাক্সাৰ মুছলপুৰত বৃহস্পতিবাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ বাক্সা জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। এই সভাত আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত এন পি এছ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ভোটসমূহ কাৰ পক্ষত যাব তাকে লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সভাত উপস্থিত থাকি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুদানন্দ হাজৰিকাই কয় যে, আমি বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে এখন অভিৱৰ্তন অনুষ্ঠিত কৰিম আৰু তাত ৰাজনৈতিক ব্যক্তিসকলক নিমন্ত্ৰণ দিম। যিসকলে পুৰণি পেঞ্চন নীতিৰ পক্ষত সমৰ্থন দিব আমাৰ ভোটসমূহ সেইফালে যাব।
ইফাল এই অনুষ্ঠানতে ইউ পি এছ নিবিচাৰো বুলিও মত পোষণ কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে।