গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটী শিশু নাট্য বিদ্যালয়ে শেহতীয়াভাৱে গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ। নাট্য বিদ্যালয়খনৰ উদ্যোগত অহা ৫ আৰু ৬ এপ্ৰিল, ২০২৫ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বৃষ্টিপ্ৰীয়া সোঁৱৰণী অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতা আয়োজন কৰিবলৈ লৈছে।

author-image
Asomiya Pratidin
New Update
গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ সদৌ অসম শিশু নাট প্ৰতিযোগিতা

গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ সদৌ অসম শিশু নাট প্ৰতিযোগিতা

ডিজিটেল ডেস্ক : গুৱাহাটী শিশু নাট্য বিদ্যালয়ে শেহতীয়াভাৱে গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ। নাট্য বিদ্যালয়খনৰ উদ্যোগত অহা ৫ আৰু ৬ এপ্ৰিল, ২০২৫ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বৃষ্টিপ্ৰীয়া সোঁৱৰণী অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতা আয়োজন কৰিবলৈ লৈছে।

Advertisment

সেয়েহে অসমৰ বিভিন্ন প্ৰান্তৰ শিশু নাট্যদল তথা বিদ্যালয়সমূহক এই প্ৰতিযোগিতাত যোগদান কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাই। এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা নাট্যদলক নগদ ধন, স্মাৰক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। 

ইয়াৰ উপৰি নাটকৰ দৈৰ্ঘ্য ২০-২৫ মিনিট আৰু অভিনেতা, অভিনেত্ৰী, পৰিচালককে ধৰি সদস্যৰ সংখ্যা ১২জনৰ ওপৰত হ'ব নোৱাৰিব বুলি গুৱাহাটী নাট্য বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে। প্ৰতিযোগিতাত যোগদান কৰিবলৈ অহা নাট্যদলে যাতায়াতৰ খৰচ নিজেই বহন কৰিব লাগিব। 

একেদৰে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ দ্বাৰা আয়োজিত পূৰ্বে হৈ যোৱা প্ৰতিযোগিতাত ভাগ লোৱা পাণ্ডুলিপিয়ে এই প্ৰতিযোগিতাত ভাগ ল'ব নোৱাৰিব। নতুন নাটকক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰতিটো নাট্যদলে নিজৰ নাটকৰ পাণ্ডুলিপি ডিটিপি কৰিহে জমা দিব লাগিব। 

পাণ্ডুলিপি নিৰ্বাচিত হোৱাৰ পাছতহে নাট্যদলটোক প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰণ কৰা হ'ব। পাণ্ডুলিপি জমা দিয়া শেষ তাৰিখ অহা ২০ মাৰ্চ ২০২৫। পাণ্ডুলিপি gsnv1998@gmail.com/ sisunatghar@gmail.comলৈ মেইল কৰিব পাৰিব। লগতে যোগাযোগ নম্বৰ: 9864074363ত যোগাযোগ কৰি সবিশেষ জানিব পাৰিব বুলি জানিবলৈ দিছে।

নাটক