/asomiyapratidin/media/media_files/2025/03/15/hQOawlVUhK3H5hfPxzK1.jpg)
ডিজিটেল সংবাদ, বেকাজান : অসম-নাগালেণ্ড সীমান্তৱৰ্তী বেকাজানত মণিকাঞ্চন নাট্যগোষ্ঠীৰ উদ্যোগত শনিবাৰৰ পৰা সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। সেয়ে বেকাজান এশঘৰীয়াৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত অগণন ৰাইজৰ উপস্থিতিয়ে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে আজি পুৱা পতাকা উত্তোলন, গছপুলি ৰোপণৰ পিছতে ভাগৱতসহ আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। শোভাযাত্ৰাত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।
বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শিত শোভাযাত্ৰাই অঞ্চলটোৰ ৰাইজক মুগ্ধ কৰি তোলে। আনহাতে উদ্যোক্তাই জনোৱা অনুসৰি আবেলি কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোণাৰাম শৰ্মাই মঞ্চ উদ্বোধন কৰাৰ পিছতে ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ব।
প্ৰতিযোগিতাত প্ৰতিদিনে সন্ধিয়া দুখনকৈ মুঠ ১২ খন ভাওনা প্ৰদৰ্শন হ'ব। ৰাজ্যৰ বিভিন্ন জিলাৰ ভাওনা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আটাইকেইটা দিনতে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।