মাতৃ হ'ল আলিয়া...

মাতৃ হ'ল আলিয়া...

ডিজিটেল ডেস্ক : মাতৃ হ'ল আলিয়া । ভাৰতীয় বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী আলিয়া ভট আৰু ৰণবীৰ কাপুৰে ৰবিবাৰে আদৰিলে এটি কন্যা শিশুক । ৰবিবাৰে ৰাতিপুৱা চিকিৎসালয়ত ভৰ্তি হোৱা অভিনেত্ৰী গৰাকীয়ে দিনৰ প্ৰায় ১২ বজাত ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগী সকলৰ মাজত প্ৰকাশ কৰে এই সু: খবৰটো ।

চলিত বৰ্ষৰ জুন মাহত সন্তান ধাৰনৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পৰাই সকলো অনুৰাগী অপেক্ষাত আছিল বহু প্ৰত্যাশিত খবৰটিৰ বাবে  আৰু নৱেম্বৰৰ ৬ তাৰিখে এইচ এন ৰিলায়েঞ্চ চিকিৎসালয়ৰ পৰাই কন্যা সন্তানটিৰ আগমনৰ কথা জনাই কাপুৰ পৰিয়ালে ।

উল্লেখ্য যে, চলিত বৰ্ষৰে এপ্ৰিল মাহত বিবাহপাশত আৱদ্ধ হৈছিল আলিয়া ভট আৰু ৰনবীৰ কাপুৰ । বিবাহৰ কিছু মাহ পাছতেই মুক্তি লাভ কৰিছিল দুয়োগৰাকী তাৰকাই অভিনয় কৰা 'ব্ৰহ্মাস্ত্ৰ' নামৰ বোলছবিখন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in