/asomiyapratidin/media/media_files/2025/04/04/AV0tGFI0kzwx31HiYlUw.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : হাওৰাঘাট তিনিআলিত আঞ্চলিক আবৌফৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ এখন মদ নিবাৰণৰ সভাত উপস্থিত থাকে সংগঠনটোৰ উপদেষ্টা লক্ষীমাই খাখলাৰী। উক্ত সভাত তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিধান সভাত আইন প্ৰণয়নৰ যোগেদি মদ বন্ধ কৰাৰ আহ্বান জনায়।
উপদেষ্টাগৰাকীয়ে মুখ্যমন্ত্ৰীক আহ্বান জনায় কয় যে অসমত মদৰ লাইচেন্স দিয়াৰ ফলত বহু যুৱক মটৰ চাইকেল দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাৰ লগতে আৰু বহু পুৰুষ মদ্যপানৰ ফলত মৃত্যু বৰণ কৰাৰ বাবে বহু বিবাহিত মহিলা বিধবা হৈ থাকিব লগীয়া হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে মদৰ লাইচেন্স দি মদৰ দোকানৰ পৰা টেক্স সংগ্ৰহ কৰাৰ বিকল্প হিচাপে পৰ্যটন ক্ষেত্ৰতৰ উন্নয়নৰ যোগেদি বহু পৰিমাণে টেক্স সংগ্ৰহ কৰাৰ উপায় আছে বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে ৪ এপ্ৰিলৰ এই দিনটোতেই সদৌ বড়ো মহিলা কল্যাণ পৰিষদ চমুকৈ আবৌফৰ উদ্যোগত সমগ্ৰ ৰাজ্যখনতে মদ নিবাৰণৰ দিৱস হিচাপে পালন কৰি অহা হৈছে ।