/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/akshay-kumar-tweet-about-chandrayaan-3dfccf9e2-cce0-4346-92c1-5ad50f605060.jpg)
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ মহাকাশযানখন চন্দ্ৰ পৃষ্ঠৰ পৰা মাত্ৰ ২.১ কিলোমিটাৰ উচ্চতাত থকা সময়তে নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পাছৰে পৰা সমগ্ৰ বিশ্বৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে। ইয়াৰ পাছত ইছৰ'ৰ বৈজ্ঞানিকসকলৰ বহু লোকে প্ৰশংসা কৰাও দেখা গৈছে।
ৰাজনীতিৰ পৰা বলিউডলৈ সকলো ক্ষেত্ৰৰ লোকেই টুইটাৰযোগে প্ৰশংসা কৰিছে ইছৰ'ৰ বৈজ্ঞানিকসকলক। শেহতীয়াকৈ চন্দ্ৰযান-২ সন্দৰ্ভত বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰেও টুইট কৰে। য'ত তেওঁ ইছৰ'ক লৈ গৌৰাৱান্বিত বুলি প্ৰকাশ কৰি উল্লেখ কৰিছে চন্দ্ৰযান-৩ৰ বিষয়ে।
There's no science without experiment…sometimes we succeed, sometimes we learn. Salute to the brilliant minds of @isro, we are proud and confident #Chandrayaan2 will make way for #Chandrayaan3 soon. We will rise again.
— Akshay Kumar (@akshaykumar) September 7, 2019
জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে টুইটটোত লিখিছে- 'কোনো বিজ্ঞানেই পৰীক্ষা নকৰাকৈ নোহোৱাকৈ সম্ভৱ নহয়। যদি প্ৰথমবাৰতেই আমি সফলতা লাভ কৰো তেন্তে আমি শিকিবলৈ একো নাপাওঁ। ইছৰ'ৰ বৈজ্ঞানিক সকলক মই চেল্যুট দিছো। আমি তেওঁলোকক লৈ গৌৰৱ কৰো আৰু তেওঁলোকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আমি চন্দ্ৰযান-২য়েই দেখুৱাব চন্দ্ৰযান-৩ৰ পথ। আৰু দ্বিতীয়বাৰলৈ আমি চেষ্টা চলাম।'
উল্লেখ্য যে, অভিনেতা অক্ষয় কুমাৰৰ উপৰিও ইছৰ' আৰু চন্দ্ৰযান-২ৰসন্দৰ্ভত টুইটাৰযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শ্বাহৰুখ খান, অমিতাভ বচ্চন, স্বৰাভাস্কৰ, অনুপম খেৰৰ দৰে অভিনেতা-অভিনেত্ৰী সকলেও।