আক্ৰাছুৰ নবগঠিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ

মঙলবাৰে বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ (আক্ৰাছু)ৰ নবগঠিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠিত হৈ যায়।

author-image
Asomiya Pratidin
New Update
আক্ৰাছুৰ নবগঠিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ

ডিজিটেল সংবাদ ওদালগুৰিঃ মঙলবাৰে বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ (আক্ৰাছু)ৰ নবগঠিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠিত হৈ যায়। জাতিটোৰ কাৰণে শুভ লক্ষণ যে বহু‌ ভাগত বিভক্ত হৈ থকা আক্ৰাছুৱে অনৈক্যৰ মাজত ঐক্য হৈ কেন্দ্ৰীয় সভাপতি মনোজ কুমাৰ ৰায় আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক বলৰাম বৰ্মনৰ উপস্থিতিত বি.টি.আৰ (তাপস সিংহ) আৰু অবিভক্ত গোৱালপাৰা (ৰাতুল ৰায়) দুখনকৈ ক্ষেত্ৰীয় সমিতি হিচাপে আক্ৰাছু একত্ৰিতকৰণ সমন্বয়ৰক্ষী সমিতিয়ে স্বীকৃতি প্ৰদান কৰে। 

Advertisment

বি.টি.আৰ আক্ৰাছুৰ সভাপতি তাপস সিংহক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰি কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদক বাপুকণ বর্মনক সম্পাদকৰ দায়িত্ব প্ৰদান কৰাৰ সমান্তৰালভাৱে অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ সভাপতি ৰাতুল ৰায়ক আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদক সুজিত ৰায়ক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰে।

আক্ৰাছু