দুধনৈত গোৱালপাৰা জিলা আক্ৰাছুৰ সংবাদ মেল...

কোচ ৰাজবংশী জনগোষ্ঠীক বিভাজন নকৰিবলৈ আহ্বান কামতা ৰাজবংশী মহাসংঘক
সংবাদমেল
সংবাদমেল

ডিজিটেল সংবাদ,দুধনৈঃ গোৱালপাৰা জিলাত নতুনকৈ জন্ম দিয়া জনগোষ্ঠীয় সংগঠন "গোৱালপাৰা জিলা কামতা কোচ-ৰাজবংশী মহাসংঘ"। এই সংগঠনৰ জন্ম হোৱাৰ লগে লগে জাঙুৰ খাই উঠিছে গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা, কোচ-ৰাজবংশী সন্মিলনী আৰু কোচ-ৰাজবংশী মহিলা সমিতি ।

বুধবাৰে দুধনৈৰ পৰিদৰ্শন বঙলাত সংবাদ মেল আয়োজন কৰি গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা, কোচ-ৰাজবংশী সন্মিলনী আৰু কোচ-ৰাজবংশী মহিলা সমিতিয়ে নতুনকৈ জন্ম গ্ৰহণ কৰা "গোৱালপাৰা জিলা কামতা কোচ-ৰাজবংশী মহাসংঘ"ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

যৌথ সংবাদমেলৰ জৰিয়তে কয় যে, যি সময়ত কোচ-ৰাজবংশী জনগোষ্ঠীটোৱে নিজৰ প্ৰাপ্য দাবীত ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিবলগীয়া হৈছে সেই সময়তে গোৱালপাৰা জিলাত কোচ-ৰাজবংশী জনগোষ্ঠীৰ দুই এজন লোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবে জনগোষ্ঠীটোক বিভাজন কৰা আমাৰ দৃষ্টিগোচৰ হৈছে । এনে কাৰ্যক আমি গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা,কোচ-ৰাজবংশী সন্মিলনী আৰু কোচ-ৰাজবংশী মহিলা সমিতিয়ে তীব্ৰ গৰিহণা দিছো ।

আনহাতে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা,সদৌ অসম কোচ-ৰাজবংশী সন্মিলনী আৰু কোচ-ৰাজবংশী মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতি বিভিন্ন সময়ত বিভাজিত হোৱাৰ পাছতো গোৱালপাৰা জিলাৰ উল্লেখিত তিনিটা সংগঠনক কোচ-ৰাজবংশী জনগোষ্ঠীটোৱে কোনোদিনে বিভাজন হবলৈ দিয়া নাই । তেনে পৰিপ্ৰেক্ষিতত গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ-ৰাজবংশী সন্মিলনীৰে এসময়ৰ দুই এজন বিষয়ববীয়াৰ সৈতে দুধনৈৰ এসময়ৰ আক্ৰাছু নেতা কমল ৰায় আৰু হিৰেন দেৱ বৰ্মণে "গোৱালপাৰা জিলা কামতা কোচ-ৰাজবংশী মহাসংঘ" নামৰ এটা সংগঠন জন্ম দি গোৱালপাৰা জিলাত বসবাস কৰা কোচ-ৰাজবংশী জনগোষ্ঠী ৰাইজক বিভাজন কৰিব বিচৰা কাৰ্যত ৰাইজ ক্ষুন্ন হৈছে । যি গৰাকী কমল ৰায়ে এটা দশকতকৈ অধিক সময় আক্ৰাছুক নেতৃত্ব প্ৰদান কৰি কোচ-ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদানৰ ক্ষেত্ৰত কোনো বাস্তৱ সন্মত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে , সেই গৰাকী কমল ৰায়ে নতুন সংগঠন জন্ম দি কোচ-ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰি দিম বুলি কোৱাতো হাস্যকৰে নহয় চুড়ান্ত মুৰ্খামি বুলি অভিহিত কৰে তিনিওটা সংগঠনৰ নেতৃত্বই ।

লগতে আজিৰ সংবাদ মেলৰ জৰিয়তে নতুনকৈ জন্ম লাভ কৰা সংগঠন গোৱালপাৰা জিলা কামতা কোচ-ৰাজবংশী মহাসংঘক সকীয়াই দিয়ে যে, গোৱালপাৰা জিলাৰ পৰিসীমাৰ ভিতৰত নতুন সংগঠনৰ নামত তেওঁলোকে সভা আহ্বান কৰিলে ৰাইজে সৃষ্টি কৰা যিকোনো অভাৱনীয় পৰিস্থিতিৰ বাবে তেওঁলোক দায়ী নহয় বুলি উল্লেখ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in