কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আক্ৰাছুৰ সংবাদমেল

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠন কৰাৰ দাবীত চিৰাং জিলাৰ কাজলগাঁও প্ৰেছ ক্লাৱত আজি আক্ৰাছুৱে এক সংবাদমেল অনুষ্ঠিত কৰে।

author-image
Asomiya Pratidin
New Update
koch

ডিজিটেল সংবাদ, চিৰাংঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠন কৰাৰ দাবীত চিৰাং জিলাৰ কাজলগাঁও প্ৰেছ ক্লাৱত আজি এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলৰ আৰম্ভণিতে আক্ৰাছুৰ সভাপতি সুনাধৰ ৰায়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে ।

Advertisment

কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনৰ দাবী জনজাতিকৰণক লৈ বিজেপি নেতৃত্বাধীন চৰকাৰে যি ৰাজনীতি আৰম্ভ কৰিছে সেয়া বন্ধ কৰিবলৈ আহ্বান জনায়। আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিটিচিৰ পাঁচটাকৈ পৰিষদীয় মুকলি সমষ্টিত বিজেপি, ইউপিপিএল আৰু বিপিএফ দলক কোচ ৰাজবংশী জনগোষ্ঠীয় লোকক দলীয় টিকট প্ৰদান কৰাৰ আহ্বান জনায়।

অন্যথা কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দলক উচিত শিক্ষা দিব বুলি সকিয়নী প্ৰদান কৰে। বিজেপি দলে  যদি পাঁচটা সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক টিকট প্ৰদান কৰি প্ৰতিদ্বন্দিতাৰ বাবে বাট মুকলি কৰি নিদিয়ে তেনেহলে আক্ৰাছুয়ে বিজেপি দলৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰচাৰ চলাব বুলি ঘোষণা কৰে।

আক্ৰাছুয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ বাবে যেতিয়াই আন্দোলনৰ কাৰ্যসূচী হাতত লয় তেতিয়াই বিজেপিয়ে চতুৰ ৰাজনীতি কৰি আন্দোলন স্থগিত কৰি দিয়ে বুলি অভিযোগ উত্থাপন কৰে । কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ বাবে আক্ৰাছুৰ সকলো গোট এক হৈ জাতিটোক আগুৱাই ল'বলৈ সকলোকে আহ্বান জনায়।

কোচ ৰাজবংশী চিৰাং