চৰাইদেউ টেঙাপুখুৰীত অকণিৰ বজাৰ

ছাত্ৰ-ছাত্ৰীসকলক পুঠিগত জ্ঞানতে আৱদ্ধ নাৰাখি শিক্ষক-শিক্ষয়িত্ৰীসকলে শিশুৰ মাজত উদ্যমিতা বিকাশৰ বাবে "অকণিৰ বজাৰ" শীৰ্ষক বজাৰৰ ব্যৱস্থা কৰি শনিবাৰে টেঙাপুখুৰী প্ৰেক্ষাগৃহত স্থাপন কৰিলে এখন অস্থায়ী বজাৰ ।

author-image
Asomiya Pratidin
New Update
চৰাইদেউ টেঙাপুখুৰীত অকণিৰ বজাৰ

ডিজিটেল সংবাদ, চৰাইদেউ : ছাত্ৰ-ছাত্ৰীসকলক পুঠিগত জ্ঞানতে আৱদ্ধ নাৰাখি শিক্ষক-শিক্ষয়িত্ৰীসকলে শিশুৰ মাজত উদ্যমিতা বিকাশৰ বাবে "অকণিৰ বজাৰ" শীৰ্ষক বজাৰৰ ব্যৱস্থা কৰি শনিবাৰে টেঙাপুখুৰী প্ৰেক্ষাগৃহত স্থাপন কৰিলে এখন অস্থায়ী বজাৰ । য'ত শিক্ষাৰ্থীসকলক বিক্ৰেতা আৰু ক্ৰেতাৰ ৰূপত বিভক্ত কৰা হয়।

Advertisment

bojar

নকল মুদ্ৰা, নোট আৰু পাচলি ব্যৱহাৰ কৰি ক্ৰয় আৰু বিক্ৰয় কাৰ্যত ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰা হয়। উল্লেখ যে,
চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ অন্তৰ্গত ৪০ নং টেঙাপুখুৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত শনিবৰীয়া চ'ৰাৰ এক বিশেষ আকৰ্ষণ বজাৰ শনিবাৰে টেঙাপুখুৰী প্ৰেক্ষাগৃহত 'অকণিৰ বজাৰ ' নামেৰে ছাত্ৰ-ছাত্ৰীসকলে ঘৰত উৎপাদিত থলুৱা বিভিন্ন বিধৰ শাক-পাচলিৰে এখন বজাৰ অস্থায়ীভাৱে আয়োজন কৰা হয়।

আজিৰ এই অকণি বজাৰ উদ্ধোধন কৰে অঞ্চলটোৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী বৈকুণ্ঠ বৰকাকতিয়ে ।
উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰীতা কলিতাকে প্ৰমুখ্য কৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

শিশু