/asomiyapratidin/media/media_files/2025/03/31/LJDIfuTJiofHO3H64nzR.jpg)
অখিলেশ যাদৱক বাধা প্ৰদান
ডিজিটেল ডেস্ক: সোমবাৰে উত্তৰ প্ৰদেশত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা। ঈদ উপলক্ষে লক্ষ্ণৌৰ ঈদগাদলৈ গৈ আছিল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ। পিছে সেই সময়ছোৱাতে তেওঁৰ কনভয়টো ৰখাই দিয়া হ’ল। আনকি বাটত কেইবাখনো বেৰিকেড দি তেওঁক আগুৱাই যোৱাত বাধা প্ৰদান কৰিলে। প্ৰায় আধাঘণ্টা সময় তেওঁক বাটতে ৰখাই থোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পাছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ঘটনাৰ পাছতে যোগী আদিত্যনাথৰ চৰকাৰক সমালোচনা কৰিছে বিৰোধীয়ে। এইয়া গণতন্ত্ৰৰ বাবে ভাবুকি বুলিও কৰিছে উল্লেখ। আনাতে, ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিলেশ যাদৱে। তেওঁ উল্লেখ কৰে যে, "মোক সম্পূৰ্ণ বেৰিকেড লগাই আধা ঘণ্টা ধৰি ৰখাই দিয়া হ’ল। কিয় এনে কৰা হৈছে জানিবলৈ চেষ্টা কৰিছিলো যদিও কাৰো হাতত কোনো উত্তৰ নাছিল। এই ঘটনাক একনায়কত্ববাদ বুলি গণ্য কৰা উচিত নে জৰুৰীকালীন অৱস্থা বুলি গণ্য কৰা উচিত নে? আপুনি আমাক আনৰ ধৰ্মীয় অনুষ্ঠানত যোগদান নকৰিবলৈ হেঁচা দিব বিচাৰে নেকি?" বুলি মন্তব্য কৰিছে অখিলেশ যাদৱে।