/asomiyapratidin/media/media_files/2025/05/13/lmZccEQ91OpnpfIUXwEX.jpg)
শিৱসাগৰীয়াই কিয় প্ৰত্যাখ্যান কৰিলে ৰাইজৰ দলক?
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত বিধায়ক অখিল গগৈৰ ভৰিৰ তলৰ মাটি হেৰুৱাৰ উপক্ৰম হৈছে ৷ এই গাঁও পঞ্চায়ত নিৰ্বাচনত অখিল গগৈয়ে বেয়াকৈ মুখ ঠেকেঁচা খালে ৷ কেইটামান দিনৰ পূৰ্বলৈকে গপত গংগাটোপ হৈ থকা কৃষক নেতা গৰাকীক শিৱসাগৰৰ মানুহে কিয় প্ৰত্যাখ্যান কৰিলে তাকলৈ ৰাইজৰ দলৰ নেতা কৰ্মীৰ মাজতেই সৰৱ আলোচনা চলিছে ৷
উল্লেখ কৰাৰ প্ৰয়োজন যে, সুদীৰ্ঘদিন কৰাগাৰত বন্দী হৈ থকা অৱস্থাতে কৃষক নেতা অখিল গগৈক শিৱসাগৰ বিধানসভা সমষ্টিৰ জনসাধাৰণে বিপুল ভোটত জয়ী কৰোৱাই বিধায়ক হিচাপে অসম বিধানসভাৰ মজিয়াত বহাৰ সুযোগ প্ৰদান কৰিছিল ৷ যোৱা বিধানসভা নিৰ্বাচনত অখিল গগৈৰ হৈ ৰাইজে নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৷ ৰাইজে অখিল গগৈক জয়ী কৰোৱাৰ বাবে গাঠিৰ ধন ব্যয় কৰিছিল ৷ অথচ সেই গৰাকী বিধায়ক অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলকে এই গাঁও পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰ বিধানসভা সমষ্টিৰ জনসাধাৰণে প্ৰত্যাখ্যান কৰিলে ৷ এক কথাত ৰাইজৰ দলৰ কঁকাল শিৱসাগৰত এনেকৈ ভাগিল যে ৰাইজৰ দলে পুনৰ মূৰ দাঙি উঠিবলৈ বহু সময়ৰ প্ৰয়োজন হ’ব ৷ ৰাইজৰ দলক ৰাইজে উৎখাত কৰা বিষয়টোকলৈ সৰ্বত্ৰ আলোচনা চলিছে ৷
বিধায়ক অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলক শিৱসাগৰ সমষ্টিৰ গ্ৰাম্যাঞ্চলৰ জনসাধাৰণে ইমান বেয়াকৈ প্ৰত্যাখ্যান কৰিলে যে ৪ খন জিলা পৰিষদ সমষ্টিৰ এখনো ৰাইজৰ দলে লাভ কৰিবলৈ সক্ষম নহ’ল ৷ আনহাতে ২৭ খন গাঁও পঞ্চায়তৰ অন্তৰ্গত ২৭ টা আঞ্চলিক পঞ্চায়ত সদস্য পদৰ এটাও ৰাইজৰ দলে লাভ কৰিবলৈ সক্ষম নহ’ল ৷ আঞ্চলিক পঞ্চায়ত সদস্যৰ এখন আসন লাভ কৰা বুলি অখিল গগৈয়ে সামাজিক মাধ্যমত লিখিছিল যদিও সেইয়া মিছা প্ৰমাণিত হ’ল ৷
উল্লেখ্য যে, ৰাজনৈতিক ভাৱে সচেতন লোকসকলে শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে গাঁও পঞ্চায়ত নিৰ্বাচনত ভৰিৰ তলৰ মাটি হেৰুৱাব বুলি কেইবাটাও মাহৰ পূৰ্বেই ধাৰণা কৰিছিল ৷ ইয়াৰ পিছটো কিন্তু বিধায়ক অখিল গগৈৰ ঘোৰ সমৰ্থক সকলে ৰাইজৰ দলে শিৱসাগৰ বিধানসভা সমষ্টিত একপ্ৰকাৰে চমক সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছিল ৷ হ’লেও পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দল বেয়াকৈ পৰাজিত হ’ল ৷ ৰাইজৰ দল পৰাজিত মানে একপ্ৰকাৰে ধূলিসাৎ হৈ গ’ল ৷ সমষ্টিটোৰ একাংশ সচেতন ভোটাৰৰ মতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে যে ভৰিৰ তলৰ মাটি ক্ৰমাৎ হেৰুৱাই পেলাইছে তাৰেই ইংগিত গাঁও পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে বহন কৰিছে ৷ ইয়াৰ পিছটো যদি বিধায়ক গৰাকীৰ সম্বিত ঘূৰি নাহে তেনে অহাটো বিধানসভা নিৰ্বাচনত ২০ খন আসনত জয়ীহৈ চৰকাৰ গঠনত কিংমেকাৰ হোৱাটো দূৰৈৰ কথা শিৱসাগৰ বিধানসভা সমষ্টিও হেৰুৱাব লাগিব বুলি বিধায়ক অখিল গগৈৰ একাংশ সমৰ্থকে মন্তব্য কৰিছে ৷
ইফালে, শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ খন জিলা পৰিষদ সমষ্টিৰ ৩ খনত ৰাইজৰ দলৰ প্ৰাৰ্থী মূল প্ৰতিদ্বন্দ্বিতালৈকে নাহিল ৷ আনহাতে ২৭খন গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ এটাও ৰাইজৰ দলে দখল কৰিবলৈ সক্ষম নোহোৱাৰ পিছত বিধায়ক গৰাকীৰ ঘোৰ সমৰ্থক সকলেও ইয়াৰ কাৰণ বিশ্লেষণ কৰা পৰিলক্ষিত হৈছে ৷ একাংশই ইয়াৰ বাবে মুকলিমূৰীয়াকৈ বিধায়ক অখিল গগৈকে দোষাৰোপ কৰিছে ৷ ভালেসংখ্যক লোকে চছিয়েল মিডিয়াত অখিল গগৈক ক্ষুৰধাৰ সমালোচনা কৰিছে ৷
এই কথা নিশ্চিত যে গাঁও পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ভোট বিভাজনৰ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে জয় নিশ্চিত কৰিলে ৷ শাসক বিৰোধী ভোটাৰৰ মতে বিজেপিক এনে সুযোগ প্ৰাদন কৰিলে বিধায়ক অখিল গগৈয়ে ৷ উল্লেখ্য যে ৰংপুৰ, দিচাংমুখ, জকাইচুক আৰু ম’ৰাবজাৰ জিলা পৰিষদ সমষ্টিলৈ শিৱসাগৰ বিধানসভা সমষ্টি গঠিত হৈছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বেতবাৰী, খেলুৱা, নগৰমহল, দিচাংপাৰ সহিতে কেইবাটাও গাঁও পঞ্চায়ত ডিমৌ সমষ্টিলৈ কৰ্তন কৰি নিয়া হয় ৷ ইয়াৰ বিপৰীতে বিলুপ্ত হোৱা আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত জকাইচুক আৰু ম’ৰাবজাৰ জিলা পৰিষদ শিৱসাগৰ বিধানসভা সমষ্টিৰ লগত সংযোজন কৰা হ’ল ৷ যাৰবাবে এইবাৰৰ গাঁও পঞ্চায়ত নিৰ্বাচন ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বাবে অগ্নিপৰীক্ষা স্বৰূপ হ’ব বুলি জনসাধাৰণে আগতীয়াকৈ মন্তব্য কৰিছিল ৷
এই গাঁও পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপিৰ হৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, পবিত্ৰ মাঘেৰিটা পৰা আৰম্ভ কৰি বিভিন্ন নেতাই প্ৰচাৰ চলাই প্ৰাৰ্থী সকলক নিৰ্বাচনী বৈতৰণী পাৰ কৰোৱাৰ বাবে উঠিপৰি লাগাৰ বিপৰীতে ৰাইজৰ দলৰ নেতা তথা সমষ্টিৰ বিধায়ক অখিল গগৈ ব্যস্ত আছিল নামনি আৰু মধ্য অসমৰ সংখ্যালঘু বসতিপ্ৰধান এলাকা সমূহত ৷ শিৱসাগৰ আৰু ডিমৌ সমষ্টিত ৰাইজৰ দল আৰু কংগ্ৰেছে পৃথকে পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে ৷ অহা বিধানসভা নিৰ্বাচনত বিশখন আসন লৈ চৰকাৰৰ অংশীদাৰ হোৱাৰ ইচ্ছা প্ৰকাশৰ কথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বাৰম্বাৰ ব্যক্ত কৰি থকাৰ বিপৰীতে তেওঁৰ সমৰ্থক সকলে বিজেপিক পৰাজিত কৰাৰ বাবে বিৰোধী ঐক্যৰ পোষকতা কৰি আহিছিল ৷ হ’লেও অখিল গগৈয়ে তেওঁৰ সমৰ্থক সকলৰ আশা আকাংক্ষাক গুৰুত্ব নিদি ধুবুৰীৰ পৰা আৰম্ভ কৰি সংখ্যালঘু বসতিপ্ৰধান সমষ্টি সমূহত অখিল সঘনাই সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে গাঁও পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰো চলালে ৷ ইয়াৰ বিপৰীতে যোৱা বিধানসভা নিৰ্বাচনত অখিল গগৈক ভোট দিয়া শিৱসাগৰ সমষ্টিৰ সংখ্যালঘু বসতিপ্ৰধান এলাকা সহিতে আহোম, চুতীয়া, কোচ, কৈৱৰ্ত্ত জনগোষ্ঠীয় লোকৰ গাঁও সমূহলৈ অখিল গগৈয়ে এটা পাক মৰাৰ বাবেও সময়ৰ অৱকাশ নেপালে ৷ শুভাকাংক্ষী সকলৰ লগত আলোচনা কৰাৰ প্ৰয়োজনবোধ নকৰিলে ৷
অখিল গগৈ ইমানেই অত্যুত্সাহী হৈ পৰিল যে অহা বিধানসভা নিৰ্বাচনত নাজিৰাত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি হুংকাৰ দিলে ৷ কাৰ স্বাৰ্থ সিদ্ধিৰ বাবে অখিল গগৈয়ে দেৱব্ৰত শইকীয়াক পৰাজিত কৰিব বিচাৰিছে বুলি জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছিল যদিও এইবোৰ বিষয়ৰ প্ৰতি অখিল গগৈৰ কোনো ভ্ৰূক্ষেপ নাই ৷ সমষ্টিবাসীৰ মতে অখিল গগৈ একাংশ তোষামোদকাৰীৰ আৱেষ্টনীত সোমাই পৰিছে ৷ সমষ্টিৰ সচেতন ভোটৰে বিৰোধী ৰাজনৈতিক দল সমূহে বিজেপিক পৰাভূত কৰাৰ বাবে গঠন কৰিবলগীয়া মঞ্চত বিধায়ক অখিল গগৈ থকাটো বিচাৰিছিল ৷ কিন্তু উক্ত মঞ্চৰ পৰা অখিল গগৈ আঁতৰি থাকিল ৷ বিধায়ক অখিল গগৈয়ে বিৰোধী ঐক্য গঠনত গুৰুত্ব দিয়া ড° হীৰেন গোহাঁইকো সমালোচনা কৰিলে ৷ বিধায়ক গৰাকীৰ এনে কাৰ্যই ড° হীৰেন গোহাঁই সমৰ্থক সকলক ক্ষুণ্ণ কৰি তুলিলে ৷ শিৱসাগৰত ড° হীৰেন গোহাঁইৰ হেজাৰ হেজাৰ সমৰ্থক আছে ৷ নিজৰ সমষ্টিৰ ভোটাৰ ধৰি ৰখাৰ বাবে বিধায়ক গৰাকীয়ে বিশেষ প্ৰচেষ্টা নচলালে ৷ জনসাধাৰণৰ মতে এই গাঁও পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ অহা বিধানসভা নিৰ্বাচনত নিশ্চিত ভাৱে পৰিব ৷ শিৱসাগৰ বিধানসভা সমষ্টিত দুৰ্বল হ’লেও কংগ্ৰেছৰ তৃণমূল পৰ্যায়ত সাংগঠনিক ভেটি আছে ৷ বিজেপিয়ে গাঁও পঞ্চায়ত নিৰ্বাচনত চমক সৃষ্টি কৰাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিলে ৷ বিজেপিৰ পৰিকল্পনাৰ কথা অখিল গগৈয়ে অনুমান কৰিব পাৰিব বুলি জনসাধাৰণে ধাৰণা কৰিছিল যদিও এইবোৰ দিশ বিধায়ক গৰাকীয়ে এৰি চলিলে ৷ আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ লগত ৰাইজৰ দলৰ মিত্ৰতা স্থাপন নোহোৱাৰ বাবে শিৱসাগৰ জিলা কংগ্ৰেছে ৰাইজৰ দলক কোনো কাৰণতেই গাঁও পঞ্চায়ত সমূহ এৰিদিয়াৰ পোষকতা নকৰিলে ৷
ৰাইজৰ দলে এখন নাটকৰ অৱতাৰণা কৰি গাঁও পঞ্চায়ত নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ পিছত শিৱসাগৰ চহৰৰ ব্ৰক্ষ্মপুত্ৰ হোটেলত জিলা কংগ্ৰেছৰ লগত মিত্ৰতা সম্পৰ্কে আলোচনাত বহিল ৷ বিৰোধী ৰাজনৈতিক দলৰ মিত্ৰতাৰ কুচকাৱাজ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বিধায়ক অখিল গগৈয়ে সাংসদ প্ৰদ্যুত বৰদলৈ, বিধায়ক দেৱব্ৰত শইকীয়া, কংগ্ৰেছী নেতা ভূপেন বৰা, সাংসদ গৌৰৱ গগৈক তুলাধুনা দিয়াৰ পিছত শিৱসাগৰৰ কংগ্ৰেছী নেতাই অখিল গগৈৰ লগত মিত্ৰতা কৰাৰ যুক্তি কত এই কথা সহজে অনুমেয় ৷
কংগ্ৰেছ আৰু ৰাইজৰ দল একত্ৰিত হোৱা হ’লে শিৱসাগৰ আৰু ডিমৌ বিধানসভা সমষ্টিত নিশ্চিত ভাৱে বিজেপি পৰাজিত হ’লহেঁতেন বুলি অখিল গগৈৰ সমৰ্থক সকলে মন্তব্য কৰিছে ৷ কিন্তু বিধায়ক অখিল গগৈ নিজৰ মতত অলৰ অচৰ হৈ থাকিল ৷ যাৰবাবে এই গাঁও পঞ্চায়ত নিৰ্বাচন অখিল গগৈয়ে মূল্য ভৰিব লগাত পৰিল। এই নিৰ্বাচনত অখিল গগৈৰ দৰ্পচূৰ্ণ হ’ল ৷ শাসকীয় দলৰ নেতাৰ নাগপাশৰ পৰা মুক্ত হ’ব নোৱাৰিলে অখিল গগৈৰ ৰাজনৈতিক যাত্ৰা ইমানতেই যৱনিকা পৰিব বুলি জনসাধাৰণে মন্তব্য কৰিছে ৷