Advertisment

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প একেবাৰে নিৰাপদ নহয়ঃ অখিল গগৈ

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প একেবাৰে নিৰাপদ নহয়ঃ অখিল গগৈ

author-image
Asomiya Pratidin
New Update
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প একেবাৰে নিৰাপদ নহয়ঃ অখিল গগৈ

ডিজিটেল সংবাদ,কাজিৰঙাঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত হোৱা অঘটন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ৷ বৰষুণৰ ফলত বান্ধৰ ৰাইট বেংকত ভূমিস্খলন হৈ প্ৰকল্পটোত কৰ্মৰত এজন শ্ৰমিক নিহত হয়।

Advertisment

এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো একেবাৰে নিৰাপদ নহয়। প্ৰকল্পটোৰ পৰা কাষৰীয়া মানুহখিনিৰো কোনো লাভ নহয়। প্ৰকল্পটোৰ বাবে এদিন সোৱণশিৰি নদীখন মৰি যাব লগতে নদীবান্ধ ভাঙিলে বহু মানুহ মৰিব, নদীবান্ধৰ বাবে জীৱিকা নোহোৱা হ'ব। গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো অসমৰ বাবে কোনো কাৰণতে উপকাৰী নহয় বুলি ক্ষোভ উজাৰে বিধায়ক গৰাকীয়ে।

Also Read: কাইলৈ কেইবাখনো জিলাত বন্ধ থাকিব শিক্ষানুষ্ঠানঃ কি হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ?

Subansiri Lower Hydroelectric Project akhil gogoi