/asomiyapratidin/media/media_files/2025/07/08/2-2025-07-08-15-44-14.jpg)
ডিজিটেল ডেস্কঃ ৰাইজৰ সভাপতি অখিল গগৈক মুকলি কৰিছে আৰক্ষীয়ে। আজি বিলাসীপাৰাৰ চাপৰত চলা উচ্ছেদ অভিযানৰ মাজতে আৰক্ষীয়ে আটক কৰিছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক। অৱশ্যে কিছু মুহূৰ্তৰ পূৰ্বে বিধায়কগৰাকীক আৰক্ষীয়ে মুকলি কৰি দিছে।
বিধায়ক গগৈয়ে সামাজিক মাধ্যমৰ জৰিয়তে জনোৱা অনুসৰি তেওঁক ধুবুৰী আৰক্ষীয়ে ধুবুৰী পাৰ কৰি গোৱালপাৰা জিলাত আহি এৰি দিছে। তাৰ পাছতেই তেওঁ কৃষ্ণাইৰ এখন জনসভালৈ ৰাওনা হৈছে। বিধায়কগৰাকীয়ে জনোৱা অনুসৰি এতিয়াও ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাখিছে তেওঁৰ ১১ গৰাকী সতীৰ্থক।
উল্লেখ্য যে চাপৰৰ সন্তোষপুৰ, চৰুৱাবাখৰা, চিৰাকুটাত আজি প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। দাবী কৰা হৈছে এই উচ্ছেদ অভিযান অসমৰ ইতিসাহৰ আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযান। এই উচ্ছেদস্থলীত উপস্থিত হোৱাৰ পিছতে বিধায়ক অখিল গগৈক আটক কৰিছিল আৰক্ষীয়ে। তাৰ পূৰ্বে উচ্ছেদস্থলীত উপস্থিত হোৱাৰ পিছতে তেওঁ স্থানীয় উচ্ছেদিত ৰাইজৰ সৈতেও মত বিনিময় কৰে আৰু পৰিস্থিতি উত্তপ্ত নকৰিবলৈ আহ্বান জনায়।
তেওঁ কয় যে, এই উচ্ছেদ সম্পূৰ্ণৰূপে অবৈধ, অসাংবিধানিক। এই গোটেই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে। এই উচ্ছেদ নকৰিবলৈ ন্যায়ালয়ে তিনিটা ষ্টে’অৰ্ডাৰ দিছিল। তথাপিও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বেআইনী ভাৱে উচ্ছেদ অভিযান চলাইছে। এয়া সংখ্যালঘুৰ ওপৰত দাদাগিৰি। সংখ্যালঘুৰ বিৰুদ্ধে শত্ৰুতা, তাৰ বাহিৰে আন একো নহয়। ইতিমধ্যে মই মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছো।মুখ্যমন্ত্ৰীক মই স্পষ্টকৈ জনাইছো আপুনি ৫০০ বিঘা মাটি দিব লাগিব।
স্মৰ্তব্য, বিলাসীপাৰাত তাপ বিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বাবে ৩,৫০০ বিঘা ভূমিত অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ব বৃহৎ উচ্ছেদ অভিযান চলিছে।বিলাসীপাৰা সম-জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা জংগল ব্লক গাঁৱত পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান।