ৰাইজৰ দল -অজাপৰ একত্ৰিকৰণৰ প্ৰস্তাৱ নস্যাৎ লুৰিণজ্যোতিৰ! প্ৰতিক্ৰিয়া অখিল গগৈৰ...

ৰাইজৰ দল -অজাপৰ একত্ৰিকৰণৰ প্ৰস্তাৱ নস্যাৎ লুৰিণজ্যোতিৰ! প্ৰতিক্ৰিয়া অখিল গগৈৰ...

ডিজিটেল সংবাদ, কাজিৰঙাঃ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰিকৰণৰ প্ৰস্তাৱ একপ্ৰকাৰ নস্যাৎ লুৰিণজ্যোতি গগৈৰ । ইয়াৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ তেও কয়- জন্মৰে পৰা ৰাইজৰ দলৰ স্থায়ী প্ৰস্তাৱ যে অসমত আঞ্চলিক দলসমুহ লগ হৈ এটা আঞ্চলিক হ'ব লাগে ৷ অখিল গগৈৰ মতে বৰ্তমান পূজিৰ বিকাশ হোৱা নাই বাবেই জাতীয়তাবাদৰ বিকাশ যথেষ্ট কম হৈছে ৷

কোনোবাই ব্যক্তিগত স্বাৰ্থ, ব্যক্তিগত মইমতালি,ব্যক্তিগত সপোনক পূৰণ কৰিব নোৱাৰিম বুলি একেলগ নহব পাৰে কিন্তু যদিহে অসমৰ স্বাৰ্থ পূৰণ কৰিব লাগে তেন্তে আঞ্চলিক দলসমুহ একেলগ হ'ব লাগে৷ প্ৰথমে ৰাইজৰ দল,জাতীয় পৰিষদ আৰু অজিত ভূঞাৰ দল একেলগ হৈ জনগোষ্ঠীয় আঞ্চলিক দলসমুহক লগত লৈ আগবাঢ়িব লাগে বুলিও মত ব্যক্ত গগৈৰ ৷ যদি কোনোবাই নিজৰ সপোন পূৰণৰ বাবে ঐক্যবদ্ধ হবলৈ নিদিয়ে তেন্তে সেইয়া এক জাতীয় দুৰ্ভাগ্য বুলি গণ্য কৰিম বুলিও মন্তব্য অখিল গগৈৰ ৷

আনহাতে চৰকাৰী টকাৰে বিদেশ ভ্ৰমণ কৰিছে তুলিৰাম ৰংহাঙে' '১৪ কোটি টকা ব্যয়ৰে ৩০জনীয়া দলে বিদেশ ফুৰিবলৈ যোৱাক লৈ APHLCৰ সভাপতিৰ সংবামেলত বিস্ফোৰক অভিযোগ পোৱাৰ পাছতে সৰৱ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ৷নিজৰ কৰ্মচাৰীক দৰ্মহা দিবলৈ সক্ষম নোহোৱা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ১৪ কোটি টকা খৰচ কৰি ভিয়েটামান ফুৰিবলৈ গৈছে তেন্তে বুজিবলৈ বাকী নাই যে এইয়া ৰাজহুৱা ধনৰ অপচয় কৰিছে,এইয়া বিলাসীতাৰ বাহিৰে একো নহয় বুলি মন্তব্য গগৈৰ ৷ অসমৰ আটাইতকৈ দৰিদ্ৰ লোকসকলৰ ভিতৰত কাৰ্বি সম্প্ৰদায়ৰ লোকসকল অন্যতম ৷

১৪ কোটি টকা কাৰ্বি লোকসকলৰ উন্নয়নৰ বাবে খৰচ কৰা হলে হাজাৰ হাজাৰ লোক উপকৃত হল হয় বুলিও মন্তব্য বিধায়ক অখিল গগৈৰ ৷ কেৱল দলৰ লোকসকলক সন্তোষ্ট কৰিবৰ বাবেই এই কাম কৰিছে তুলিৰাম ৰংহাঙে ৷বিজেপি চৰকাৰ ভাঙি গলেও যাতে সেই লোকসকল লগত থাকে সেইবাবেই দুৰ্নীতিগ্ৰস্ত তুলিৰাম ৰংহাঙে এই কাম কৰিছে ৷

ৰাজহুৱা ধনৰ অপব্যয়ক নিন্দা কৰা লগতে সমগ্ৰ কাৰ্বি ৰাইজক এই বিষয়ত প্ৰতিবাদ সাৰ্ব্যস্ত কৰাৰ আহ্বান অখিল গগৈৰ ৷ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ দাৱী জনোৱাৰ লগতে গগৈয়ে কয় তুলিৰাম ৰংহাং হিমন্ত বিশ্ব শৰ্মাৰ ATM ৰ দৰে ৷সেয়েহে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ব্যৱস্থা লোৱাত আপচোচ কৰিব পাৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in