Advertisment

মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খুজি পুলিচৰ ওপৰত ব্যৱস্থা লওকঃঅখিল গগৈ

বুধবাৰে কংগ্ৰেছ দলৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপৰ বাবে এজন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  বুধবাৰে কংগ্ৰেছ দলৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপৰ বাবে এজন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে।

Advertisment

সাংবাদিকৰে হোৱা কথা-বাৰ্তাত তেওঁ কয় যে ইয়াতকৈ নিৰ্মম আৰু নিন্দনীয় ঘটনা অসমত ঘটা নাই। ৰাজ্যৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে গণতান্ত্ৰিক প্ৰতিবাদ কৰোতে পুলিচে অত্যাচাৰ কৰি আন্দোলনকাৰীক হত্যা কৰাৰ ঘটনা বোধহয় এয়ে প্ৰথম। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খোজক আৰু পুলিচৰ ওপৰত ব্যৱস্থা লওক।

উল্লেখযোগ্য যে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত চিকিৎসালয়ত মৃত্যু হৈছিল মৃদুল ইছলাম নামৰ এজন কংগ্ৰেছ কৰ্মী তথা অধিবক্তাৰ ।

অখিল গগৈ