/asomiyapratidin/media/media_files/2024/12/13/p4ePaawyZqpVNXIIG6vS.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত কেবিনেট বৈঠকৰ আহ্বান শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান শিৱসাগৰৰ বিধায়কগৰাকীৰ। ডিব্ৰুগড়, যোৰহাট, লক্ষীমপুৰ, তেজপুৰ সকলোতে কেবিনেট বৈঠক হৈছে, কিন্তু শিৱসাগৰত হোৱা নাই। আহেম ৰাজত্বৰ ৰাজধানী শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত হোৱা নাই। অতি সোনকালে শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবৰ কাৰণে সংবাদমেলযোগে আহবান জনালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
যিখন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত হয়, সেই জিলাখনত বহুতো উন্নয়ন কামৰ ঘোষণা কৰে চৰকাৰে। সেয়ে শিৱসাগৰৰ জিলাখনৰ উন্নয়নৰ স্বাৰ্থতেই এই কেবিনেট বৈঠক শিৱসাগৰত অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে বুলি মন্তব্য অখিল গগৈৰ। গগৈয়ে লগতে কয়- দিখৌ নদীৰ ওপৰত দুখন দলং প্ৰয়োজন। জিলাখনৰ ব্ৰহ্মপুত্ৰই চুই যোৱা অংশবোৰত ব্যাপক গৰাখহনীয়া হৈ আছে। শিৱসাগৰৰ তলাতল ঘৰ প্ৰকল্প সোনকালে আৰম্ভ হ'ব লাগে।
শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত থকা কপিকলযুক্ত দলংখন সংৰক্ষণ হ'ব লাগে। নগৰখনৰ ৰাস্তা পদূলি, নলা নৰ্দমাবিলাক সৰু। এইবিলাক বহন কৰিব লাগে। শিৱসাগৰক আধুনিক নগৰৰূপে গঢ়ি তোলাৰ বাবে শিৱসাগৰত কেবিনেট বৈঠকৰ প্ৰয়োজন বুলি উল্লেখ কৰে গগৈয়ে। শিৱসাগৰৰ বিকাশৰ দিন হিচাপে উক্ত দিনটো ঘোষণা কৰি নতুন শিৱসাগৰৰ আধাৰশিলা স্থাপন কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান অখিল গগৈৰ।
লুৰিণজ্যোতি গগৈয়ে ৰাইজৰ দল সম্পৰ্কে দিয়া মন্তব্য সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ। ৰাইজৰ দলে আঞ্চলিক দলসমূহ একগোট হোৱাটো কামনা কৰে। এই সম্পৰ্কত গঠন কৰা কমিটিয়ে দুয়োটা দল একগোট হোৱাৰ পৰামৰ্শ দিছিল যদিও ৰাইজৰ দলৰ লগত একত্ৰিকৰণ কৰাৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদে সন্মতি প্ৰকাশ নকৰিলে। ৰাইজৰ দলে একলগ হ'বৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু অসম জাতীয় পৰিষদে সহমতত উপনীত নহ'ল। লুৰিণজ্যোতি গগৈ'য়ে কি মন্তব্য কৰিছে সেই সম্পৰ্কত অখিল গগৈৰ ক'বলগীয়া নাই। দুয়োটা দল একলগ নহ'লে ৰাইজৰ দলৰ কোনো ক্ষতি নহয়, ইয়াৰ দ্বাৰা লুৰিণজ্যোতি গগৈহে ক্ষতিগ্ৰস্ত হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য অখিল গগৈৰ।
ইফালে ৰাজ্যখনত সৰবৰাহ হৈ থকা বহিঃৰাজ্যৰ গাহৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া অখিল গগৈৰ। লোকেল গাহৰি বন্ধ কৰি দিয়াটো হিমন্তবিশ্বৰ চৰকাৰৰ এটা বৃহৎ চক্ৰান্ত বুলি। লোকেল বস্তুত কমিছন অথবা চিণ্ডিকেট চলাব নোৱাৰে বাবে এইসমূহ বন্ধ কৰি বহিঃৰাজ্যৰ পৰা বয় বস্তুসমূহ আমদানি কৰিবৰ কাৰণে পথ মুকলি কৰি দিছে আৰু ইয়াৰ জৰিয়তে চিণ্ডিকেটৰ বজাৰ মেলিছে হিমন্ত বিশ্ব চৰকাৰে। মুছলমানক আক্ৰমন কৰিবলৈ গৈ গো মাংস মিষিদ্ধ কৰি বি জে পি চৰকাৰে খিলঞ্জীয়া আৰু জনজাতীয় লোকসকলৰ পোটত গোৰ মাৰিছে হিমন্ত বিশ্বশৰ্মাই।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us