বিজেপিয়ে ৯ বছৰ শাসন কৰিলে, এটাও বিদেশী নেখেদিলেঃ অখিল গগৈ

ৰাজ্যজুৰি চলি থকা উচ্ছেদ সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পুনৰ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
zcsdsfs

ডিজিটেল সংবাদ, কাজিৰঙাঃ ৰাজ্যজুৰি চলি থকা উচ্ছেদ সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পুনৰ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। বিধায়কগৰাকীয়ে উল্লেখ কৰে যে, "সাতামপুৰুষীয়া ঐক্যক বিনষ্ট আৰু বিশৃংখল কৰিবৰ বাবে বিজেপি চৰকাৰৰ নেতৃত্বত আৰু পৃষ্ঠপোষকতাত সমগ্ৰ ৰাজ্যজুৰি উত্তেজনাময় পৰিৱেশ এটাৰ সৃষ্টি কৰি দিয়া হৈছে ৷ যাৰ পৰিপেক্ষিতত একাংশ লোকে এতিয়া উদ্বেগত থাকিবলগীয়া হৈছে" বুলি মন্তব্য অখিল গগৈৰ ৷

আনহাতে, অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিক সুৰক্ষিত কৰিবৰ বাবে সকলোকে আহ্বান জনালে অখিল গগৈয়ে। "বিজেপিয়ে ৯ বছৰ শাসন কৰিলে, এটাও বিদেশী নেখেদিলে ৷ যদি অসমত এক কোটি বিদেশী আছে চৰকাৰে কি কৰি আছে" বুলি প্ৰশ্ন অখিল গগৈৰ। সেই বিদেশী চিনাক্ত কৰিবৰ বাবে কিয় এনআৰ চি খন সম্পুৰ্ণ কৰা নাই বিজেপিয়ে ৷ "যি সময়ত আমেৰিকাত বিদেশী সকলক হাতকেৰেয়া লগাই প্ৰত্যাবৰ্তন কৰিছে সেই সময়ত অসমৰ পৰা এজনো বিদেশীক বহিস্কাৰ কৰা দেখা নাই" বুলি মন্তব্য গগৈৰ ৷

একেদৰে, বিদেশীক লৈ বিজেপিয়ে প্ৰতিটো নিৰ্বাচনত ৰাজনীতি কৰে ৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদিহে অসমত এক কোটি বিদেশী আছে সেই বিদেশী খেদোৱাৰ দায়িত্ব কাৰ বুলি প্ৰশ্ন অখিল গগৈৰ। "উচ্ছেদটো ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ২০২৬ ৰ নিৰ্বাচনী বৈতৰণী তেওলোকে পাৰ হব খুজিছে ৷ উৰিয়ামঘাটত চলোৱা উচ্ছেদৰ পাছত এজনকো অসমৰ পৰা বাংলাদেখলৈ ঘূৰাই নপঠিয়ালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ তেওঁলোকক চলোৱা উচ্ছেদৰ পাছত সেই মাটিবিলাকত এতিয়া নগাই আহি দখল কৰিছে ৷ উৰিয়ামঘাটৰ উচ্ছেদে আমাক এইটোৱে শিক্ষা দিলে যে, অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মাটি সুৰক্ষিত কৰিবৰ বাবে নহয়,বহিঃৰাজ্যক দিবলৈহে কৰিছে ৷ প্ৰয়োজন সাপেক্ষে নগাক দি দিব কিন্তু অসমীয়া মানুহক নিদিয়ে " বুলি সদৰি কৰে বিধায়কগৰাকীয়ে। লগতে, "উচ্ছেদৰ মুল উদ্দেশ্যই হল আম্বানী-আদানীক মাটি দিয়া । কাৰ্বি আংলঙৰ ১২ হাজাৰ বিঘা মাটি আদানীক দিব খোজা হৈছে। কিছুমান সংগঠনক দায়িত্ব অৰ্পণ কৰি দিয়া হৈছে যাতে এক সংঘৰ্ষমুলক পৰিস্থিতি এটাৰ সৃষ্টি কৰা হয়" বুলিও কয় অখিল গগৈয়ে।

অখিল গগৈ