/asomiyapratidin/media/media_files/2025/07/20/akhil-2025-07-20-14-40-40.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ মেৰাপানীৰ নেঘেৰিবিলৰ সাম্ভাব্য উচ্ছেদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। উচ্ছেদ চলোৱাৰ পূৰ্বে নেঘেৰিবিলৰ পৰিয়ালসমূহৰ নথি-পত্ৰ পৰীক্ষা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে বিধায়কগৰাকীয়ে। যদিহে নেঘেৰিবিল গাঁৱৰ বাসিন্দা সমূহ বাংলাদেশী বুলি প্ৰমাণিত হয় তেন্তে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে একেলগে গৈ নেঘেৰিবিলত বুলডজাৰ চলাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
কেৱল ভোটৰ স্বাৰ্থত চৰকাৰখনে মুছলমান লোকৰ ঘৰ ভঙাৰ অভিসন্ধি ৰচিছে বুলিও চৰকাৰক কটাক্ষ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। উল্লেখযোগ্য যে, মেৰাপানীৰ অসম নগালেণ্ড সীমান্তৱৰ্তী নেঘেৰিবিলত উচ্ছেদ চলোৱাৰ বাবে ইতিমধ্যে বনবিভাগে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে।
ইফালে, কাজিৰঙাৰ মাদ্ৰাছা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে সদৰি কৰে যে, "নিৰ্বাচনৰ আগত মুছলমানৰ ভোট লবলৈ মুখ্যমন্ত্ৰীয়ে সেইখন মাদ্ৰাছাৰ ছাত্ৰক হেলিকপ্তাৰত উঠাইছিল। এতিয়া সেইখন মাদ্ৰাছাকে অসমীয়া জাতীৰ শত্ৰু, উজনি অসমৰ বিদেশী আগ্ৰাসনৰ প্ৰতীকৰূপে প্ৰতিপন্ন কৰিব বিচৰাটো মুখ্যমন্ত্ৰী এজনৰ কাৰণে লজ্জাজনক কথা। মুঠতে যিকোনো প্ৰকাৰে মুখ্যমন্ত্ৰীয়ে হিন্দু-মুছলমানৰ কাজিয়া লগাই বিজেপিয়ে ভোট লবলৈ এই কামবোৰ কৰি থকা" বুলি উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে।