/asomiyapratidin/media/media_files/2025/06/23/sffdfdfsdf-2025-06-23-19-12-32.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত আকৌ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মঙলবাৰে ধেমাজিত অখিল গগৈয়ে উল্লেখ কৰে, "মিত্ৰতা আমি ৰজা হ’বলৈ নহয়, ২০২৬ত জনগণক এটা গণতান্ত্ৰিক ব্যৱস্থা ঘূৰাই দিবলৈহে লাগে।"
তেওঁ লগতে সদৰি কৰে, "এজন স্বেচ্ছাচাৰী শাসকৰ পৰা জাতিক ৰক্ষা কৰিবলৈ এই মিত্ৰতা লাগে। পিছে গৌৰৱ গগৈয়ে মিত্ৰতাৰ প্ৰতি ইতিবাচক সঁহাৰি দিয়া নাই। এই বিলম্বিত মিত্ৰতাই বিজেপিক সুযোগ দিব। আমি বিজেপিক বিদায় দিবলৈ মিত্ৰতাৰ পক্ষত আছিলোঁ, আছোঁ আৰু থাকিম। আমাৰ সদ্দিচ্ছাক দুৰ্বলতা বুলি গণ্য নকৰিব" বুলিও কয় শিৱসাগৰৰ বিধায়কগৰাকীয়ে।